কাছাৰৰ লক্ষীপুৰত উদ্ধাৰ মেইটেই মহিলাৰ আৰু এটা মৃতদেহ
Published : 5 hours ago
শিলচৰ: কাছাৰৰ লক্ষীপুৰ সিংগিৰবন্দত উদ্ধাৰ হৈছে আৰু এটা মেইটেই মহিলাৰ মৃতদেহ ৷ সিংগিৰবন্দৰ বৰাক নৈত উদ্ধাৰ হৈছে এই মৃতদেহটো ৷ মৃতদেহটো জিৰিবামৰ পৰা অপহৃত হোৱা মেইটেই ছয় মহিলা-শিশুৰ ভিতৰৰ এগৰাকীৰ বুলি সন্দেহ কৰা হৈছে ৷ দেওবাৰে কাছাৰৰ বাশকান্দি চিৰিঘাট আৰু সিংগিৰবন্দৰ অঞ্চলৰ বৰাক নৈৰ পৰা উদ্ধাৰ হৈছিল আন এগৰাকী মেইটেই মহিলা আৰু শিশুৰ মৃতদেহ ।
স্থানীয় ৰাইজে মৃতদেহটো নৈত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য় যে মণিপুৰৰ জিৰিবামৰ জাকুৰাডহৰৰ পৰা অপহৰণ হোৱা ৬ মেইটেই শিশু আৰু মহিলাৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ হৈছে । শুক্ৰবাৰে নিশা অসম-মণিপুৰ সীমান্তৰ বৰাক নৈৰ পৰা তিনিগৰাকী অপহৃতৰ মৃতদেহ উদ্ধাৰ হৈছিল । আনহাতে, কালি বৰাক নৈৰ পৰা উদ্ধাৰ হয় দুগৰাকীৰ মৃতদেহ ।