আলফা(স্বা)ৰ নামত ধনদাবী কৰি জালত পৰিল আৰক্ষীৰ
Published : Dec 3, 2024, 2:54 PM IST
তিনিচুকীয়া: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰো বিভিন্ন প্ৰান্তত বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ নামত একাংশ ব্যৱসায়ীক ধনদাবী কৰা কাৰ্য অব্যাহত আছে । তাৰ মাজতে তিনিচুকীয়া জিলাত আলফা স্বাধীনৰ নামত ধনদাবীৰ এক ঘটনা পোহৰলৈ আহিছে ।
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এগৰাকী ব্যৱসায়ীক ধন দাবী কৰাৰ অভিযোগত আটক কৰা হয় এজন যুৱকক । পেঙেৰী আৰক্ষীৰ জালত পৰা যুৱকজন কাকপথাৰৰ মিণ্টু মৰাণ । পেঙেৰী আৰক্ষীয়ে কাকপথাৰৰ পৰা টঙনা আৰু কাকপথাৰ আৰক্ষীৰ সহযোগত আটক কৰে আলফা স্বাধীনৰ নামত ধনদাবী কৰা মিণ্টু মৰাণক ।
ধন দাবীৰ ঘটনাৰে জড়িতৰ অভিযোগত অভিযুক্ত পেঙেৰী নলনীৰ সুৰজিৎ মৰাণ ওৰফে কলিয়া নামৰ আন এক অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে । মিণ্টু মৰাণ আৰু সুৰজিৎ মৰাণ ওৰফে কলিয়া দুয়ো মিলি আলফা(স্বা)ৰ সদস্যক চিকিৎসা প্ৰদান কৰিবৰ বাবে কাকপথাৰৰ এগৰাকী ব্যৱসায়ীক ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল । ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ত কৰা মিণ্টু মৰাণক পেঙেৰী আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ।