অসম

assam

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 9:18 PM IST

ETV Bharat / videos

শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সৰৱ তিনিচুকীয়া NSUI

তিনিচুকীয়া, ২৬ ফেব্ৰুৱাৰী : অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তিনিচুকীয়া NSUI  ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে X যোগে শিক্ষাৰ লগত জড়িত এক বাৰ্তা দিয়াৰ পাচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ সমান্তৰালকৈ সোমবাৰে তিনিচুকীয়া জিলাৰ কংগ্ৰেছ ভৱনত জিলা NSUIৰ উদ্যোগত এক সংবাদমেল সম্বোধন কৰি অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে ছাত্ৰনেতা কেইগৰাকীয়ে ৷ বৰ্তমান সময়ত অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি আছে বুলি অভিযোগ ছাত্ৰ নেতাকেইজনৰ । শিক্ষানুষ্ঠানসমূহ একত্ৰিত কৰাৰ নামত বহু শিক্ষানুষ্ঠান বন্ধ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন অন্ধকাৰলৈ ঠেলি নিছে বুলি সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে ৷ সংবাদমেলখনত উপস্থিত থাকে NSUI ৰ ৰাজ্যিক সাধাৰণ সম্পাদক জুনিত হুছেইন, উপ-সভাপতি কমলেশ্বৰ চুতীয়াৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াসকল ।

লগতে পঢ়ক: 100 টকা উৎকোচ লৈ নিলম্বিত মহিলা আৰক্ষী

ABOUT THE AUTHOR

...view details