অসম

assam

ETV Bharat / videos

ঢকুৱাখনা পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ প্ৰদান বৰুৱাৰ - MP Pradan Baruah

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 6:19 PM IST

ধেমাজি,১১ জুলাই : লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই বৃহস্পতিবাৰে ঢকুৱাখনা পৌৰসভাৰ পদেন সদস্য হিচাপে শপতগ্ৰহণ কৰে । পৌৰসভাৰ সভাকক্ষত সাংসদগৰাকীক শপতবাক্য পাঠ কৰোৱাই ঢকুৱাখনা উপ জিলাৰ আয়ুক্ত কাৰ্তিক কলিতাই । উল্লেখ্য যে এই শপতগ্ৰহণ অনুষ্ঠানত ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, ঢকুৱাখনা পৌৰসভাৰ কাৰ্যবাহী বিষয়া ড৹ নয়ন জ্যোতি নাথ, ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস, লখিমপুৰ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী মঞ্জু বৰগোহাঁইকে ধৰি বহুসংখ্যক বিশিষ্ট লোক আৰু ঢকুৱাখনা পৌৰসভাৰ আটাইকেইটা ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰসকল উপস্থিত থাকে ।

শপতগ্ৰহণৰ পিচতে সাংসদগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যিকোনো এখন নগৰৰ উন্নয়নৰ বাবে পুঁজিয়ে প্ৰধান নহয় । উপযুক্ত আৰু আগতীয়া পৰিকল্পনা লাগিব । অন্যথা নগৰ এখনৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ নহয় বুলি তেওঁ উল্লেখ কৰে । ইফালে ৪১ টা দিন অতিক্ৰম কৰা স্বত্বেও ৰাজ্য কঁপোৱা ঢকুৱাখনাৰ সাপতীয়াৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আটক নোহোৱা সন্দৰ্ভত তেওঁ কয় যে আইনৰ উৰ্ধত একো হ'ব নোৱাৰে ৷ পলমকৈ হ'লেও অপৰাধী ওলাব বুলি তেওঁ দাবী কৰে ৷

লগতে পঢ়ক :সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগতাৰ চেষ্টা : শিৱসাগৰত মহিলাৰ বাটৰ নাট - Awareness Against Social Evils

ABOUT THE AUTHOR

...view details