চামগুৰিৰ ৰাইজে পৰিৱৰ্তনৰ বাবে ভোট দিছে : বিধায়ক জিতু গোস্বামী - ASSAM BYE ELECTIONS 2024
Published : Nov 23, 2024, 1:39 PM IST
চামগুৰি : চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতেই ফলাফলা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য বিজেপি বিধায়ক জিতু গোস্বামীৰ । পঞ্চম ৰাউণ্ডলৈকে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে প্ৰায় পাঁচ হাজাৰ ভোটত আগবাঢ়ি আছে যদিও অৱশেষত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি দাবী বিজেপি বিধায়ক জিতু গোস্বামীৰ ।
তেওঁ কয়, "ভোটগ্ৰহণৰ দিনাই ৰিগিঙৰ অভিযোগ উত্থাপন কৰা ৰকিবুল হুছেইনে ভোটগণনা শেষ হোৱাৰ পাছত গোটেই ই ভি এমকে দোষাৰোপ কৰিব ।"
জিতু গোস্বামীয়ে লগতে কয়, "চামগুৰিৰ ৰাইজে এইবাৰ উন্নয়নৰ পক্ষত আৰু ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটাবলৈ বিজেপিৰ সমৰ্থনত ভোটদান কৰিছে । পূৰ্বে সমষ্টিটোৰ যিসমূহ এলেকাত বিজেপিয়ে ভোট লাভ কৰা নাছিল সেইসমূহ এলেকাত এইবাৰ বিজেপিয়ে ভোট লাভ কৰিছে ।"
ফলাফল সন্দৰ্ভত বঢ়মপুৰৰ বিধায়কগৰাকীৰ মন্তব্য, "আমি যিটো হিচাপে আশা কৰিছিলো তাতকৈও বেছি হিচাপে ফলাফল দেখা পাইছো । ৰাইজৰ যিখিনি সঁহাৰি দেখা পাইছো মই আগতেও কনফিডেণ্ট আছিলো, আজিৰ পৰা ১০-১৫ দিন আগতেও কৈছিলো যে চামগুৰিত এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে । আজি বেলট বাকচত যিটো ওলাইছে তাৰ পৰা মই এটা কথা দেখিলো যে অসমৰ ৰাজনীতিত এক নতুন সংকেত বহন কৰিছে চামগুৰিৰ নিৰ্বাচনত ।"