গৌৰৱ গগৈক চাবলৈহে সভাবোৰত মানুহ হৈছে : যোগেন মহন - Lok sabha POLLS 2024 - LOK SABHA POLLS 2024
Published : Mar 31, 2024, 7:35 AM IST
মৰাণ, 31 মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ । বিৰোধী দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী গৌৰৱ গগৈৰ প্ৰচাৰ সভাত কোন ঠাইত কিমান মানুহ হৈছে তাৰো হিচাপ ৰখা পৰিলক্ষিত হৈ আহিছে বিজেপিৰ মন্ত্ৰী-বিধায়কসকলে । গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা সন্দৰ্ভত মন্ত্ৰী যোগেন মহনে শনিবাৰে প্ৰকাশ কৰে প্ৰতিক্ৰিয়াৰ ৷
মন্ত্ৰী যোগেন মহনে কয়, "সাংসদ গৌৰৱ গগৈয়ে যিমান আদৰ পাব লাগিছিল পোৱা নাই । বিজেপিৰ বুথ সভাত যিমান মানুহ হয় পঞ্চায়তত অনুষ্ঠিত কৰা গৌৰৱ গগৈৰ সভাতো ইমান মানুহ হোৱা নাই । গৌৰৱ গগৈক ভোট দিয়া নিদিয়াটো পাছৰ কথা, কিন্তু তেওঁক চাবলৈহে মানুহ হৈছে ।"
উল্লেক্য যে, শনিবাৰে উজনিৰ চাৰিখন জিলাৰ দলীয় নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কে এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় মৰাণ প'ল' ক্লাৱত । এই সভাত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী বিমল বড়া, মন্ত্ৰী যোগেন মহন, উজনিৰ চাৰি জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বিজেপিৰ সভাপতিসকলৰ লগতে দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।
লগতে পঢ়ক: চাহ বাগিচা অঞ্চলত ব্যাপক কেলেংকাৰীৰ অভিযোগ গৌৰৱ গগৈৰ - Lok Sabha Election 2024