টিংখাঙৰ পৰা নিৰুদ্দেশ মানসিকভাৱে অসুস্থ যুৱক - Boy missing from Tingkhong
Published : Feb 27, 2024, 4:30 PM IST
টিংখাং,২৭ ফেব্ৰুৱাৰী : ডিব্ৰুগড় জিলাৰ টিংখাঙত সন্ধানহীন এজন যুৱক । উদয়পুৰ ২ নং দীঘলীয়া গাঁৱৰ পৰা ৰহস্যজনকভাৱে বিগত প্ৰায় ১২ দিন ধৰি সন্ধানহীন হৈ আছে যুৱকজন । গাঁওখনৰ নন্দী গগৈ আৰু চেনেহী গগৈৰ ২৬ বছৰীয়া পুত্ৰ কল্যাণ গগৈ যোৱা ১৪ ফেব্ৰুৱাৰী তাৰিখে ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ।
পৰিয়ালৰ মতে যুৱকজন মানসিকভাৱে অসুস্থ আছিল । কিন্তু ইমান দিনে যুৱকজন সন্ধানহীন হৈ থকাত পৰিয়ালটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । পৰিয়ালটোৱে ইতিমধ্যে টিংখাং আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে । দুৰ্ভগীয়া পৰিয়ালটোৱে জনোৱা মতে যুৱকজনৰ হাতত মোবাইল ফোন নাছিল । যুৱকজন কোনো দুষ্টচক্ৰৰ কবলত পৰাৰ সন্দেহ কৰিছে পৰিয়ালটোৱে । ইফালে কোনো ব্যক্তিয়ে যুৱকজনৰ সন্ধান পালে ৯৬৭৮৯৯৭৬০৮ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে আহ্বান জনাইছে ।
লগতে পঢ়ক :এখন হালধীয়া স্কুটী আৰু এহাল ছদ্মবেশী পুৰুষ-মহিলা, প্ৰৱঞ্চনাৰ এক কাহিনী