অসম

assam

ETV Bharat / videos

খাদ্যত বিষক্ৰিয়া হৈ আক্ৰান্ত ৪১ জন ব্যক্তি

By ETV Bharat Assamese Team

Published : 9 hours ago

সৰুপথাৰ: সৰুপথাৰ সম-জিলাৰ উৰিয়ামঘাট পাঁচ ঘৰীয়া গাঁৱত সকামৰ জলপান খাই বিষক্রিয়া হৈ আক্ৰান্ত বহু লোক । উৰিয়ামঘাট পাঁচ ঘৰীয়া গাঁৱৰ পুস্প গগৈৰ ঘৰত শনিবাৰে মাতৃৰ সকামত জলপান খোৱাৰ পিছতে অসুস্থ হৈ পৰে কেইবাজনো লোক । জলপান খোৱা উৰিয়ামঘাট, পাঁচঘৰীয়া, নাওজানৰ কৈৰিগাঁও, বৰপথাৰ, দয়ালপুৰ, তুৰুংগাঁও, আদি বিভিন্ন গাঁৱৰ লোক তথা আত্মীয় স্বজন আক্রান্ত হৈছে ।  

উল্লেখ্য যে সকামত জলপান খোৱা প্ৰায় সংখ্যক লোক শৌচ, বমি, পেটৰ বিষ, মূৰৰ বিষ আদি ৰোগত আক্রান্ত হৈ বৰ্তমান নিশা সৰুপথাৰ সমূহীয়া চিকিৎসালয়, উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ আছে । সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্রত বৰ্তমান লৈকে ২২ গৰাকী চিকিৎসাধীন হৈ আছে । স্থানীয় ৰাইজৰ মতে সকামৰ জলপান হিচাপে দৈ, চিৰা, ক্ৰীম, আদি খাইছিল অসুস্থ লোকসকলে ।

লগতে পঢ়ক: ডিফুত মুড়ি খাই দুটি কিশোৰৰ মৃত্যু

Food Poison: বুটমাহ খাই বিষক্ৰিয়া হৈ ৩৮ গৰাকী অসুস্থ

ABOUT THE AUTHOR

...view details