অসম

assam

চিকিৎসক অবিহনে চলিছে লখিমপুৰৰ মহানন্দ বৰা 10 খন বিচনাযুক্ত চিকিৎসালয় - Running without doctors

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 2:07 PM IST

চিকিৎসক অবিহনে চলিছে মহানন্দ বৰা 10 খন বিচনাযুক্ত চিকিৎসালয় (ETV Bharat Assam)

বিহপুৰীয়া, 30 জুন: লখিমপুৰ জিলাৰ নাৰায়ণপুৰত স্বাস্থ্যসেৱাৰ নামত চলিছে চূড়ান্ত ভেকোঁভাওনা । চিকিৎসকবিহীনভাৱে চলিছে ভোলাবৰিস্থিত মহানন্দ বৰা 10 খন বিচনাযুক্ত চিকিৎসালয় । জানিব পৰা মতে, বিগত তিনিমাহ ধৰি চিকিৎসালয়খনত ফাৰ্মাচিষ্টগৰাকীয়ে আগবঢ়াই আছে চিকিৎসা সেৱা ।

নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাত কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰষা এই চিকিৎসালয়খন সম্প্ৰতি পৰিণত হৈছে ভালুকৰ সাঙীত । ইমানৰ পাচতো কিন্তু নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগটোৰ বিৰুদ্ধে ।

চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, চিকিৎসালয়খনত কৰ্মৰত হৈ থকা ডাঃ নৱজিৎ বৰা নামৰ চিকিৎসকগৰাকীয়ে উচ্চ শিক্ষা গ্ৰহণৰ বাবে যাবলগীয়া হোৱাত বিগত তিনিমাহ পূৰ্বে চিকিৎসালয়খনৰ পৰা অব্যাহতি লৈছিল আৰু সেইদিন ধৰি চিকিৎসকবিহীনভাৱেই চিকিৎসালয়খন চলি থকাৰ অভিযোগ তুলিছে স্থানীয় লোকে ।

বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত বহুবাৰ অৱগত কৰাৰ পাচতো এই সন্দৰ্ভত কোনো সুফল লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ সংবাদ মাধ্যমৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে চিকিৎসালয়খনত স্থায়ী চিকিৎসক নিয়োগ কৰিবৰ বাবে আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক: Fake pharmacists in Assam:ভুৱা ফাৰ্মাচিষ্টে দিয়া ঔষধ সেৱন কৰি অসুস্থ শিশু,গ্ৰেপ্তাৰ এক

Wrong treatment: ফাৰ্মাচিষ্টৰ ভুল চিকিৎসাৰ বলি হৈ মহিলাৰ মৃত্যু ! পলাতক ফাৰ্মাচিষ্ট

লোকসভাৰ মজিয়াত উন্মোচিত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পয়ালগা ছবি

ABOUT THE AUTHOR

...view details