অসম

assam

ETV Bharat / videos

ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ: 52 বছৰীয়া ব্যক্তিক হানি-খুঁচি হত্যা কৰি পেলাই দিলে দলঙৰ তলত - Murder in Udalguri

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 9:09 PM IST

Updated : Jun 14, 2024, 10:22 PM IST

ওদালগুৰি, 14 জুন : শুকুৰবাৰে ওদালগুৰিত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড ৷ 52 বছৰীয়া এগৰাকী লোকক হানি-খুচি হত্যা কৰি পেলাই দিয়া হ’ল বেলতলি দলঙৰ তলত ৷ ভূমিকেন্দ্ৰিক সংঘাতৰ ফলতে জোৱাহীৰ চৌহান নামৰ লোকজনক হত্যা কৰা হ’ল বুলি জানিবপৰা গৈছে ৷

ইফালে হত্যাকাণ্ডটো সংঘটিত কৰিয়েই হত্যাকাৰীটোৱে আত্মসমৰ্পন কৰে কলাইগাঁও থানাত ৷ হত্যাকাৰী ৰমেশ হৰিজনৰ ঘৰ ওদালগুৰিৰ কবিৰআলিত ৷ পৰৱৰ্তী সময়ত কলাইগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে দ খাৱৈৰ পৰা ৷ আনহাতে, হত্যাকাৰীক ঘটনাস্থলীলৈ আৰক্ষীয়ে লৈ যোৱাৰ পিচতে পৰিস্থিতি উত্তপ্ত হৈ পৰে । ফলত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ।

হত্যাৰ বলি হোৱা জোৱাহীৰ চৌহানৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ সন্মুখত জনোৱা মতে 9 বছৰৰ পূৰ্বেই বিক্ৰী কৰা মাটিৰ সন্দৰ্ভত এক সংঘাতৰ সৃষ্টি হৈ আহিছিল ৷ সেই সংঘাতে চূড়ান্ত ৰূপ লাভ কৰাৰ পিচতে শুকুৰবাৰে নৃশংস হত্যাকাণ্ডটো সংঘটিত হয় ৷

লগতে পঢ়ক : চাঞ্চল্যকৰ ! স্বামীয়ে ল'লে পত্নীৰ প্ৰাণ, পত্নীৰ হাতত নিহত স্বামী

Last Updated : Jun 14, 2024, 10:22 PM IST

ABOUT THE AUTHOR

...view details