2026 চনত উচিত প্ৰতুত্তৰ দিবলৈ সাজু কোচ ৰাজবংশী জনগোষ্ঠী - Koch Rajbangshi demand ST - KOCH RAJBANGSHI DEMAND ST
Published : Sep 3, 2024, 11:02 PM IST
ধেমাজি, ৩ ছেপ্টেম্বৰ : কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মঙলবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম কোচৰাজবংশী সন্মিলনীৰ আহ্বানমৰ্মে ধেমাজি জিলা কোচ ৰাজবংশী সন্মিলনী, মহিলা সন্মিলনী আৰু যুৱ সন্মিলনীয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷
প্ৰতিবাদকাৰীসকলে ন' এছ টি ন' ৰেষ্ট, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ উল্লেখ্য যে দশক দশক ধৰি ৰাজনৈতিকভাৱে প্ৰৱঞ্চনাৰ বলি হৈ অহা অসমৰ সৰ্ববৃহৎ খিলঞ্জীয়া জনগোষ্ঠী কোচ ৰাজবংশীসকলে জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হোৱাৰ বাবেই সামগ্ৰিক উন্নয়নৰ দিশত অগ্ৰসৰ হোৱাত প্ৰতিবন্ধকতা আহি পৰিছে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷
প্ৰতিবাদকাৰী এগৰাকী নেতাই কয়, "ৰাজনৈতিক দলসমূহে ক্ষমতা লাভৰ লগে লগে পাহৰি যায় জনগোষ্ঠীটোক ৷ জনজাতিকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিগত কংগ্ৰেছ চৰকাৰলৈ দোষ ঠেলিছে । বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত তদানীন্তন সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰিত্বৰ সময়ত মন্ত্ৰী গোটে কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰিব বুলে আঁভুৱা-ভাৰি থাকিল । সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই পুনৰ জনগোষ্ঠীটোক বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে । সেয়ে শীঘ্ৰেই জনজাতিৰ মৰ্যাদা নিদিলে ইয়াৰ ফল শাসনাধিষ্ঠিত দলটোৱে ২০২৬ চনৰ নিৰ্বাচনত ভুগিব লাগিব ।"