অসম

assam

ETV Bharat / videos

কচুতলিত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে পুনৰ উচ্ছেদৰ নিৰ্দেশ, ইটাভাটা ছীল - SONAPUR EVICTION DRIVE

By ETV Bharat Assamese Team

Published : Nov 10, 2024, 9:59 PM IST

Updated : Nov 10, 2024, 10:14 PM IST

হায়দৰাবাদ: সোণাপুৰৰ কচুতলিত পুনৰ সন্দেহযুক্ত নাগৰিকেৰে ভৰি পৰিছে । উচ্ছেদৰ পাছত পুনৰ একাংশ উচ্ছেদিত লোকে বাহৰ পাতিছে কচুতলি অঞ্চলত । একাংশ উচ্ছেদিত লোকক বিদ্যুৎ সংযোগ দিয়াৰ পিচত দেওবাৰে ঘটনাস্থলীত উপস্থিত হয় কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত ছাত্তাৱন ।

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তগৰাকীয়ে চামতা অঞ্চলত অবৈধভাৱে ভূমি বেদখল কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে ডিমৰীয়া সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াক । কচুতলিকে ধৰি ডিমৰীয়াৰ কেইবাটাও অঞ্চলত পুনৰ উচ্ছেদ চলাবলৈ জৰীপৰ কাম আৰম্ভ হৈছে । কচুতলি অঞ্চলত অতিশীঘ্ৰে চলিব উচ্ছেদ ।

কচুতলিত মহজিদত থকা লোকসকলক সেই ঠাই খালী কৰাৰ নিৰ্দেশ দিয়ে জিলা আয়ুক্তগৰাকীয়ে । ইফালে, কচুতলিৰ উচ্ছেদিতক আশ্ৰয় প্ৰদানৰ অভিযোগত কচুতলিৰ ডি বি আই ইটা ভাটাটো প্ৰশাসনে ছীল কৰে । উদ্যোগটো কৃষিভূমিত স্থাপন কৰাৰ লগতে ইয়াত নিয়োজিত শ্ৰমিক সন্দৰ্ভত যাৱতীয় নথি-পত্ৰ দিয়াত ব্যৰ্থ হয় স্বত্বাধিকাৰী ।

ইফালে, আজি দিনৰ ১২ বজাত ডিমৰীয়াৰ দল-সংগঠনৰ নেতৃত্বৰ সৈতে জিলা আয়ুক্ত সমজিলাৰ কাৰ্যালয়ত পৰৱৰ্তী উচ্ছেদ সন্দৰ্ভত আলোচনাত মিলিত হয় । আয়ুক্তই কচুতলিৰ উপৰি চামতা পথাৰত সন্দেহজনক লোকে ৮ নবেম্বৰত নতুনকৈ চৰকাৰী ভূমি বেদখল সন্দৰ্ভত বেদখলমুক্ত কৰিবলৈ সোণাপুৰৰ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে । তদুপৰি অঞ্চলটোত সকলো নিৰ্মাণকাৰ্য বন্ধ কৰিছে জিলা আয়ুক্তই ।

লগতে পঢ়ক: বৃহৎ নিৰাপত্তা বেষ্টনীৰ মাজত সোণাপুৰৰ কচুতলীত পুনৰ আৰম্ভ উচ্ছেদ - Sonapur eviction drive

কচুতলীত উৰিব ধৰ্মধ্বজা, মাহেকে-পষেকে অনুষ্ঠিত হ'ব বিভিন্ন পূজা - Sonapur eviction drive

Last Updated : Nov 10, 2024, 10:14 PM IST

ABOUT THE AUTHOR

...view details