আশাবাদী মনোৰঞ্জন তালুকদাৰ : ইণ্ডি মিত্ৰজোঁটে দেশত চৰকাৰ কৰিব - LOK SABHA ELECTION RESULTS 2024
Published : Jun 4, 2024, 1:39 PM IST
বৰপেটা, 4 জুন : ইণ্ডি মিত্ৰজোঁটে দেশত চৰকাৰ গঠন কৰিব বুলি আশাবাদী চি পি আই এমৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ ৷ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৰপেটা লোকসভা সমষ্টিৰ ভোটগণনা চলি আছে ৷ ভোটগণনা কেন্দ্ৰত উপস্থিত হৈ এই মন্তব্য মনোৰঞ্জন তালুকদাৰৰ ৷
বৰপেটা লোকসভা সমষ্টি সন্দৰ্ভত তেওঁ কয় যে, বৰপেটাত কংগ্ৰেছে প্ৰাৰ্থী দিছে ৷ গতিকে কংগ্ৰেছ আৰু চি পি আই এমৰ মাজত ভোট বিভাজিত হৈছে ৷ তাৰ ফলত অসম গণ পৰিষদে অগ্ৰগতি লাভ কৰিছে ৷ কিন্তু সৰ্বভাৰতীয় প্ৰেক্ষাপটত পৰিস্থিতি বিৰোধীৰ পক্ষত আহিছে বুলি মন্তব্য কৰে তেওঁ ৷
উত্তৰ প্ৰদেশত বিজেপি বেয়াকৈ পিচ পৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে, উত্তৰ প্ৰদেশত বিজেপিৰ ৰথী-মহাৰথী সকল পিচ পৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী পিচ পৰিছে ৷ কেবাখনো ৰাজ্যত ইণ্ডি মিত্ৰজোঁটৰ পৰিস্থিতি ভাল, কেৱল মধ্য প্ৰদেশত বিজেপিৰ অৱস্থা ভাল ৷ গতিকে সন্ধিয়া 4 বজালৈ সকলোৱে ভাল খবৰ পাব অৰ্থাৎ ইণ্ডি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ব বুলি কয় তেওঁ ৷