৩১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত মানৱ শৃংখল - Dilapidated National Highway - DILAPIDATED NATIONAL HIGHWAY
Published : Aug 12, 2024, 10:26 PM IST
ধেমাজি, ১২ আগষ্ট: ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ কুলাজানৰ পৰা বগীবিল দলং পাৰ হৈ ডিব্ৰুগড়লৈকে বগীবিল পথৰ ৩১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা তথৈবচ । এই বিধ্বস্ত পথৰ মেৰামতিৰ বাবে সোমবাৰে সহস্ৰাধিক ৰাইজে ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী ।
উত্তৰ অসমৰ বিশ্বনাথ, লখিমপুৰ, ধেমাজি জিলাকে ধৰি অৰুণাচল প্ৰদেশৰ পৰা নিতৌ হাজাৰ হাজাৰ পথচাৰীয়ে এই পথেৰে নৰক যন্ত্ৰণা ভুগি ডিব্ৰুগড়লৈ অহা-যোৱা কৰে ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালকে ধৰি বিভিন্ন চিকিৎসা প্ৰতিষ্ঠানলৈ যাওতে ৰোগীয়ে ত্ৰাহি মধুসুদন দেখে ৷
যোৱা দুবছৰ ধৰি পথৰ এনে দুৰৱস্থা সত্ত্বেও অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষই পুনৰ নিৰ্মাণৰ বাবে লোৱা নাই কোনোধৰণৰ পদক্ষেপ ৷ দল-সংগঠনে কেইবাবাৰো আন্দোলন কৰাৰ পিছতো কতৃৰ্পক্ষই গুৰুত্ব প্ৰদান নকৰাত সোমবাৰে ধেমাজি জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বগীবিল পথত ৰূপায়ণ কৰে প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৷ সহস্ৰাধিক প্ৰতিবাদীয়ে উৎকট গৰম আৰু প্ৰখৰ ৰ’দকো নেওচি চৰকাৰ বিৰোধী শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
ইয়াৰ পিছতো বিধ্বস্ত পথটো পুনৰ নিৰ্মাণ নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই আৰু যুটীয়া সম্পাদক বিষ্ণু শৰ্মাই ।