অসম

assam

সামৰণি পৰিল ভাদ মহীয়া নাম কীৰ্তনৰ - HOLY BHADO MONTH

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 8:24 AM IST

নিজম পৰিল সত্ৰ নগৰী মাজুলী (ETV Bharat Assam)

মাজুলী, ১৮ ছেপ্টেম্বৰ: সামৰণি পৰিল ভাদ মহীয়া নাম কীৰ্তনৰ । মাহজুৰি ভক্তিৰসত বিলীন হৈ থকা সত্ৰ নগৰী মাজুলী নিজম পৰিল । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাজুলীতো ভাদ মাহৰ প্ৰতিটো দিনতেই অনুষ্ঠিত হ'ল ভাদ মহীয়া নাম-প্ৰসংগ । মহাপুৰুষ দুজনাৰ স্বৰ্ণিল সংস্কৃতিৰ বৰ্ণিল ঐতিহ্যৰে মুখৰিত হয় মাজুলীৰ সত্ৰ-নামঘৰসমূহ । মাজুলীৰ তিনি শতাধিক নামঘৰ আৰু ৩৫ খন সত্ৰত অনুষ্ঠিত হয় এই ভাদ মহীয়া নাম-প্ৰসংগ ।  

এই পবিত্র ভাদ মাহৰ প্ৰতিটো দিনত পুৱা ভাগৰ পৰা নাম প্ৰসংগ আৰম্ভ হয় সত্ৰানুষ্ঠানসমূহৰ লগতে নামঘৰসমূহত । মাহটোত গুৰু দুজনাৰ পবিত্ৰ মিলন ভূমিত আকাশ বতাহ মুখৰিত হ’ল হৰি নামৰ ধ্বনিৰে ৷ ভকত বৈষ্ণৱসকলৰ লগতে আইসকলৰ নামেৰেও মুখৰিত হয় সত্ৰ নগৰীখন । ভাদ মাহৰ শেষৰটো দিনত সত্ৰ নগৰী মাজুলীৰ সত্ৰসমূহৰ লগতে গাঁৱৰ নামঘৰে নামঘৰে পালন কৰিলে ভাদ মহীয়া নাম সামৰণি অনুষ্ঠান । দোভাগ নিশালৈকে চলিল ভকত বৈষ্ণৱৰ গুণানুকীৰ্তন ।

লগতে পঢ়ক:জগতগুৰুৰ অমিয়া বাণী : আউনীআটী সত্ৰত 1500 গৰাকী আইমাতৃ কণ্ঠস্বৰত একলগে নিগৰিল হৰিনামৰ ধ্বনি - Holy Bhada month

অসমৰ চুবুৰীয়া ৰাজ্য়ৰ নামঘৰত চলিছে ভাদ মহীয়া নাম - Holy Bhada month

পবিত্ৰ ভাদ মাহ আৰম্ভ: ভক্তি ৰসত বিলীন সত্ৰ নগৰী মাজুলী - holy Bhada month

ABOUT THE AUTHOR

...view details