অসম

assam

ETV Bharat / videos

দুৰ্গা পূজা মণ্ডপত ব্ৰেকিং নিউজ; ক’ত এইটো মণ্ডপ ?

By ETV Bharat Assamese Team

Published : 5 hours ago

বিশ্বনাথ,৯ অক্টোবৰ: আজি ষষ্ঠী । বেদীত প্ৰতিষ্ঠা কৰা হ'ল দেৱী দুৰ্গাৰ প্ৰতিমা । উৎৱসৰ আনন্দত মতলীয়া ৰাজ্যবাসী । চাৰিওফালে কেৱল উখল-মাখল পৰিবেশ । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বিশ্বনাথ জিলাতো দেখা গৈছে এই পূজাৰ আনন্দ । জিলাখনৰ বিশ্বনাথ চাৰিআলিত এইবেলি ব্যতিক্ৰমী ৰূপত সজাই পৰাই তোলা হৈছে কেইবাটাও পুজা মণ্ডপ । প্ৰতি বছৰেই ব্যতিক্ৰমী পূজা মণ্ডপ তৈয়াৰ কৰা কালিবাৰী দুৰ্গা পূজা সমিতিৰ পূজা মণ্ডপত স্থান পাইছে ক্ৰমাৎ হেৰাই যাবলৈ ধৰা ৰেডিঅ'ই ।  

লগতে অসমৰ ৰাইজে আশা কৰা ভবিষ্যতে প্ৰকাশ পোৱাৰ সম্ভাৱনা থকা কিছুমান ভাল খবৰৰ শিৰোনামে ঠাই পাইছে পুজা মণ্ডপটোত । বিশেষকৈ যাদৱ পায়েঙলৈ ভাৰত ৰত্ন প্ৰদান অসমত, টাটাৰ চেমিকণ্ডাৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ, বিশ্বনাথক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা আদি শিৰোনামে ঠাই পাইছে মণ্ডপটোত । এইবেলি যথেষ্ট সংখ্যক লোকৰ সমগম হ'ব বুলি আশা কৰিছে কালিবাৰী দুৰ্গাপূজা সমিতিয়ে । 

লগতে পঢ়ক: শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে সজাই তোলা কেইখনমান আকৰ্ষণীয় পূজা মণ্ডপ চাওঁ আহক

শ্ৰীশ্ৰীমহিষমৰ্দিনী দশভূজা দুৰ্গা মন্দিৰত ২৮০ বছৰে নিৰলে চলিছে পূজা-উপাসনা

ABOUT THE AUTHOR

...view details