অসম

assam

ETV Bharat / videos

কামাখ্যা প্ৰাথমিক বিদ‍্যালয়ৰ নৱীকৰণৰ আধাৰশিলা স্থাপন

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 7:22 PM IST

কলিয়াবৰ,২৮ ফেব্ৰুৱাৰী: ভাৰতীয় তেল নিগমৰ উদ‍্যোগত কলিয়াবৰ শিক্ষাখণ্ড অন্তৰ্গত ১৯৬১ চনতে স্থাপিত হোৱা নাম কামাখ্যা প্ৰাথমিক বিদ‍্যালয়খনিৰ নৱীকৰণৰ আধাৰশিলা স্থাপন কাৰ্যসূচী সম্পন্ন কৰা হয় । আধাৰশিলা স্থাপনৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে । ভাৰতীয় তেল নিগমৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াও উপস্থিত থাকে ।  

মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে প্ৰায় ৫০ বছৰ পূৰ্বে পঢ়ি যোৱা বিদ‍্যালয়খনিৰ অভাৱসমূহ দুৰ কৰাৰ মানসেৰে ভাৰতীয় তেল নিগমক বিদ‍্যালয়খনিৰ বাবে কিছু কাম কৰিবৰ বাবে অনুৰোধ জনাইছিল । সেই অনুৰোধ ৰক্ষা কৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰামৰ্শ অনুসৰি ভাৰতীয় তেল নিগমে CSR পুঁজিৰ অধীনত বিদ‍্যালয়খনিৰ চিলিঙৰ ব‍্যৱস্থা, পকী বেৰৰ মেৰামতি, দুৱাৰ খিৰিকী মেৰামতি, ভোজনালয়ৰ মেৰামতি, খোৱাপানীৰ সু-ব‍্যৱস্থা, চৌহদৰ উদ‍্যান নিৰ্মাণ, পানী নিষ্কাষণ বাবে নলাৰ ব‍্যৱস্থা, প্ৰয়োজনীয় ডেক্স, বেঞ্চৰ ব‍্যৱস্থা আদি কৰিব এই আঁচনিৰ জৰিয়তে ।

লগতে পঢ়ক: বোকাখাতৰ গড়মূৰত একেখন ৰভাতলিত বিয়াত বহিল ৩২ যোৰা দৰা-কইনা

ABOUT THE AUTHOR

...view details