অসম

assam

ETV Bharat / videos

আদালতত হাজিৰ ৰাজু মেদকক: দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 8:27 PM IST

জোনাই, ১২ মাৰ্চ : দুৰ্নীতিৰ গোচৰত দীৰ্ঘদিন ধৰি অভিযুক্ত হৈ থকা মিচিং জনগোষ্ঠীৰ প্ৰাক্তন নেতা তথা MAC ৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজু মেদকক মঙলবাৰে জোনাই মহকুমা ন্যায়িক আদালতত হাজিৰ কৰোৱা হয় ৷ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ আঁচনিৰ দুৰ্নীতিৰ গোচৰত অভিযুক্ত মিচিং বাঃনে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকক সোমবাৰে অৰুণাচলত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তাৰ পিচতে জোনাইত সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ৷

যোৱা সোমবাৰে নিশা নেতা গৰাকীৰ সমৰ্থকে জোনাই আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ মঙলবাৰে জোনাই আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰক্ষীৰ মাজত নেতাজনক জোনাই মহকুমা আদালতত হাজিৰ কৰাই আৰু আদালতে দুদিনৰ বাবে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ আদলত চৌহদতে নেতাগৰাকীয়ে সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘মই কোনো দুৰ্নীতি কৰা নাই এয়া সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ ৷’

ইফালে মিচিং জনগোষ্ঠীক দীৰ্ঘদিন ধৰি সন্মুখৰ পৰা নেতৃত্ব দি অহা নেতাজনক ৰাজনৈতিভাৱে ষড়যন্ত্ৰ কৰি আৰক্ষীয়ে আটক কৰা কাৰ্যক কোনোপধ্যে মানি ল’ব পৰা নাই বুলি মন্তব্য কৰিছে সমৰ্থকে ৷ ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় প্ৰাংগণত উপস্থিত অতি শীঘ্ৰে তেওঁক মুকলি কৰি দিবলৈ আহ্বান শ শ সমৰ্থকৰ ৷

লগতে পঢ়ক : গণশক্তিৰ নেতা ৰাজু মেদকক আটক; জোনাই থানাত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details