ETV Bharat / state

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত কিদৰে কৰিব পঞ্জীয়ন ?

আত্মনিৰ্ভৰ অসম অভিযান, অসমৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ এক প্ৰচেষ্টা ৷ পিছে কেনেকৈ কৰিব পঞ্জীয়ন, জানো আহক...

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Atmanirbhar Asom Abhijan
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত কিদৰে কৰিব পঞ্জীয়ন ? (Himanta Biswa Sarma's twitter)

গুৱাহাটী : আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আজি এই আচঁনিৰ শুভাৰম্ভ কৰিব ।

আগ্ৰহীসকলে কিদৰে কৰিব পঞ্জীয়ন :

  • CMAAA পৰ্টেল CMAAA.assam.gov.in ত প্ৰথমতে নিজৰ নাম পঞ্জীয়ন কৰি পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰকল্পৰ আবেদন জমা দিব পাৰিব
  • নিজৰ সম্পূৰ্ণ নাম, ম’বাইল নম্বৰ, ই-মেইল আই ডি আদি প্ৰদান কৰি পৰ্টেলত পঞ্জীয়ন কৰিব পাৰিব
  • পঞ্জীয়নৰ মাচুল সাধাৰণ শ্ৰেণীৰ ২০০ টকা, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ১০০ টকা অনলাইন মাধ্যমেৰে জমা দিব লাগিব
  • পঞ্জীয়নৰ প্ৰ -পত্ৰত উল্লেখ কৰা নাম, প্ৰাৰ্থীৰ পৰিচয় পত্ৰ, বেংকৰ পাছবুক আদিৰ সৈতে একে হোৱাটো বাঞ্ছনীয়

কি কি নথি-পত্ৰৰ প্ৰয়োজন হ'ব :

  • পৰিচয় পত্ৰ/ ঠিকনাৰ প্ৰমাণ পত্ৰ : আধাৰ কাৰ্ড/পাছপ’ৰ্ট/ ড্ৰাইভিং লাইচেন্স
  • শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, পান কাৰ্ড
  • নাম আৰু একাউণ্ট সম্বন্ধীয় তথ্য সম্বলিত সক্ৰিয় বেংক একাউণ্টৰ পাচবুকৰ প্ৰথম পৃষ্ঠা

কোনে কৰিব পাৰিব আবেদন ? :

  • অসমৰ স্থায়ী বাসিন্দা আৰু অসমত বসবাস কৰা লোক হ'ব লাগিব
  • নিয়োগ বিনিয়োগ ক্ষেত্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব
  • আবেদনকাৰী ১ এপ্ৰিল ২০২৪ ত ২৮ ৰ পৰা ৪৫ বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব

শিক্ষাগত অৰ্হতা :

  • অনাবৃত্তিমূলক শাখাৰ প্ৰাৰ্থীসকলৰ বাবে
  • সাধাৰণ শ্ৰেণীৰ বাবে দশম শ্ৰেণী উত্তীৰ্ণ
  • অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে দশম শ্ৰেণী পৰ্যন্ত পঢ়া

বৃত্তিমূলক শাখাৰ প্ৰাৰ্থীসকলৰ বাবে :

  • অভিযান্ত্ৰিক, মেডিচিন, কৃষি, পশু আৰু মীন পালন আদি খণ্ডৰ চাৰিবছৰীয়া স্নাতক

কি কি অন্যান্য অৰ্হতা লাগিব :

  • আবেদনকাৰীৰ দক্ষতা/ অভিজ্ঞতা/ ধন উপাৰ্জন সম্পৰ্কীয় কাম কৰাৰ জ্ঞান থকাটো প্ৰয়োজন
  • বাণিজ্যিক বেংকত আবেদনকাৰীৰ ১ এপ্ৰিল ২০২৪ ৰ পূৰ্বৰ বেংক একাউণ্ট থকাটো প্ৰয়োজনীয়
  • আবেদনকাৰী পূৰ্বে কোনো বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ পৰিশোধ কৰা ব্যক্তি হ'ব লাগিব
  • আবেদনকাৰী অথবা তেখেতৰ পৰিয়ালৰ কোনো সদস্যই CMAAA 1.0 ৰ সুবিধা লাভ কৰিব নালাগিব

এই আঁচনি উদ্দেশ্য :

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ যোগেদি অসমৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ উপৰি উদ্যোগীকৰণৰ এক বাতাবৰণ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে । এই আচঁনিৰ জৰিয়তে নৱ প্ৰজন্মক নিজৰ ভৰিত থিয় হ'ব পৰাকৈ আৰ্থিক অনুদান, প্ৰশিক্ষণ আৰু বিপণনৰ সুবিধা প্ৰদান কৰা ।

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ জৰিয়তে ২-৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব । মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ অধীনত ২৫ হাজাৰ যুৱ উদ্যোগী লৈ ৫১০ কোটি টকাৰ আৰ্থিক অনুদানৰ প্ৰথম কিস্তি মুকলিৰ পিছত আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ শুভ উদ্বোধন কৰা হ'ব ।

লগতে পঢ়ক : আত্মনিৰ্ভৰ অসম : ২৫,২৩৮ গৰাকী উদ্যোগী যুৱক-যুৱতীক প্ৰথম কিস্তি বিতৰণ মুখ্যমন্ত্ৰীৰ - Atmanirbhar Assam 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.