অসম

assam

ফেনে-ফোটোকাৰে বাঢি়ছে কানামাক্ৰা নৈ, বানত আক্ৰান্ত বহু পৰিয়াল - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 5:48 PM IST

ফেনে-ফুটুকাৰে বাঢি়ছে কানামাক্ৰা নৈ (ETV Bharat Assam)

চিৰাং,২ জুলাই: শেহতীয়াকৈ সমগ্ৰ ৰাজ্যতে প্ৰলয়ংকাৰী বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ফেনে-ফোটোকাৰে বাঢ়িছে নৈ-উপ নৈৰ জলপৃষ্ঠ । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে চিৰাং জিলাৰ বিজনীৰ খুংক্ৰাঝৰাত কানামাক্ৰা নৈৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰে । নৈখনেৰে ভূটানৰ পৰা নামি অহা পানীয়ে গতি সলাই খুংক্ৰাঝৰাৰ মাজেৰে প্ৰৱেশ কৰাত এটা পথ চিঙি যোৱাৰ লগতে ১৭ টা কৈ পৰিয়ালে আশ্ৰয় ল'ব লগা হৈছে আশ্ৰয় শিবিৰত ।  

বিজনী মহকুমা প্ৰশাসনে বন্যাৰ্তসকলক খুংক্ৰাঝৰা এম ই স্কুলত আশ্ৰয় গ্ৰহণ কৰাৰ ব্যৱস্থা কৰি দিছে । কানামাক্ৰা নৈত মজবুত বান্ধৰ ব্যৱস্থা নকৰাৰ বাবে প্ৰতিবছৰেই উক্ত অঞ্চলত নৈখনৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে । সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ ।

লগতে পঢ়ক: তেজপুৰৰ ভিন্ন প্ৰান্তত ভয়াৱহ বান পৰিস্থিতি, গণেশ মন্দিৰলৈ ভাবুকি - ASSAM FLOOD 2024

বানৰ কবলত গাঁও-নগৰ : জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি - Assam Flood 2024

লাওখোৱাত বানৰ ভয়ংকৰ ৰূপ, ছিগিল কৃষিবান্ধ - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details