মটক স্বায়ত্তশাসিত পৰিষদৰ বেংমৰা জ্ঞানজ্যোতি আঁচনিৰ অধীনত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা - Felicitation to brilliant students
Published : Jun 20, 2024, 7:09 PM IST
মৰাণ, 20 জুন: ২০২১ চনৰ জানুৱাৰী মাহত ৰাজ্য চৰকাৰে গঠন কৰি দিছিল মটক স্বায়ত্তশাসিত পৰিষদ । ২৫জন সদস্যক লৈ গঠিত হৈছিল মটক স্বায়ত্তশাসিত পৰিষদ । এই পৰিষদে মটক জনগোষ্ঠীটোক শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে আগুৱাই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে । বিশেষকৈ শৈক্ষিক ক্ষেত্ৰত জনগোষ্ঠীটোৰ মেধাৱী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে পৰিষদে ।
ইতিমধ্যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মটক জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । আনহাতে, মটক স্বায়ত্ত পৰিষদ গঠন হোৱাৰ পৰা প্ৰতি বছৰে বেংমৰা জ্ঞানজ্যোতি আঁচনিৰ জৰিয়তে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি আহিছে । আজি ডিব্ৰুগড়ত মটক স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃৰ্তী ছাত্ৰ-ছাত্ৰীক "বেংমৰা জ্ঞানজ্যোতি আঁচনি" ৰ উদ্গনিমূলক বঁটা প্ৰদান কৰা হয় ।
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ শতাধিক কৃৰ্তী ছাত্ৰ-ছাত্ৰীক একোখনকৈ গামোচা, মানপত্ৰ, নগদ ধন, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে । অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, মটক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিদ চেতিয়া, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণৰ লগতে কেইবাজনো বিশিষ্ট শিক্ষাবিদ আৰু সমাজকৰ্মী ।
লগতে পঢ়ক: কেনে আছে স্বাধীনতাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই আত্মগোপন কৰা গাঁওখন ? - Rabha Divas 2024