বোকাখাতত বন্যহস্তীৰ আক্ৰমণত নিহত শ্ৰমিক
Published : Feb 22, 2024, 8:41 PM IST
গোলাঘাট, 22 ফেব্ৰুৱাৰী : ৰাজ্যজুৰি দিনক দিনে বৃদ্ধি হৈছে হাতী মানুহৰ সংঘাত ৷ ইয়াৰ সমান্তৰালকে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ ত্ৰাসে লোকক ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা কৰিছে ৷ বৃহস্পতিবাৰে পুনৰ গোলাঘাট জিলাৰ বোকাখাতৰ ডিফলু চাহ বাগিচাৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৰ দলামৰা বন বিভাগৰ অন্তৰ্গত দুৰ্গম অঞ্চল "হদহদি" বন শিবিৰ এলেকাত খৰি কাটিবলৈ যোৱা এজন লোকক বন্যহস্তীয়ে আক্ৰমণ কৰি হত্যা কৰে ৷ মৃত লোকজন লীলা ওৰফে বিজয় তাঁতী বুলি জানিব পৰা গৈছে ৷ লোকজনে ভাতৃৰ সৈতে খৰি কাটি থকাৰ অৱস্থাতে বন্যহস্তীয়ে আক্ৰমণত কৰেহি ।
এই ঘটনা পিচতে ঘটনাস্থলীত ডলামৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত পথ দুৰ্ঘটনা, ১৩ জন আহত