অসম

assam

By ETV Bharat Assamese Team

Published : May 20, 2024, 7:32 PM IST

ETV Bharat / videos

হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ আহিছে বিপদ; বিদ্যুৎচালিত ৰে’লে নিঃশেষ কৰিব নেকি জীৱকুল ? - Gibbon Wildlife Sanctuary

যোৰহাট, 20 মে’: যোৰহাট জিলাৰ মৰিয়নীত থকা হোলোঙাপাৰ গিবন অভয়াৰণ্য মূলতঃ হলৌ বান্দৰৰ বসতিস্থল হিচাপে পৰিচিত ৷ হলৌৰ উপৰিও হোলোঙাপাৰ গিবন অভয়াৰণ্যত আছে এছিয়াৰ সাতটা বিপন্ন প্ৰজাতিৰ বান্দৰৰ লগতে অন্যান্য বনজ জীৱ ৷ এই গিবন অভয়াৰণ্যৰ মাজেৰে পাৰ হৈ গৈছে উজনি অসম সংযোগী ৰে’লপথটো ৷ এই ৰে’লপথে দুভাগত বিভক্ত কৰিছে অভয়াৰণ্যখনক ৷  

এই ৰে’লপথটোৰে বৈদ্যুতিক ইঞ্জিন চালিত ৰে’লৰ চলাচলৰ বাবে ইতিমধ্যে কাম অব্যাহত ৰাখিছে ৰে’ল বিভাগে ৷ খুঁটা স্থাপন কৰাৰ লগতে সংযোগ কৰা হৈছে বৈদ্যুতিক তাঁৰ ৷ ৰে’লযাত্ৰা উন্নীতকৰণৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থাই পিচে বিপদাশংকা কঢ়িয়াইছে গিবন অভয়াৰণ্যলৈ ৷ কিয়নো বৈদ্যুতিক তাঁৰ সংযোগৰ লগে লগে ৰে’লপথৰ দুয়োকাষে থকা একাংশ গছ কাটিব লাগিব ৷ দ্বিতীয়তে ৰে’লপথেৰে ইপাৰ সিপাৰ হোৱাৰ সময়চোৱাত বৈদ্যুতিক তাঁৰত লাগি হলৌ বান্দৰৰ লগতে আন প্ৰজাতিৰ বান্দৰৰো মৃত্যু ঘটাৰ শংকা আছে ৷

ৰে’ল বিভাগক গিবন অভয়াৰণ্যৰ মাজেৰে যোৱা ৰে’লপথছোৱাত বিদ্যুতৰ পৰিৱৰ্তে বিকল্প শক্তি ব্যৱহাৰৰ বাবেও আহ্বান জনাইছে গিবন অভয়াৰণ্যক ভালপোৱা লোকসকলে ৷ গিবন অভয়াৰণ্যৰ জীৱকুল ৰক্ষাৰ বাবে ৰে’ল বিভাগে এতিয়া প্ৰকৃতিপ্ৰেমী তথা স্থানীয় লোকসকলৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই নে নজনাই সেয়া অৱশ্যেই লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ ধেমালিৰ মনোৰম দৃশ্য বন্দী পৰ্যটকৰ লেন্সত - Kaziranga National Park

ABOUT THE AUTHOR

...view details