ব'হাগ বিহুৰ আগে-পাছে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল: ৰণোজ পেগু - Ranoj Pegu on HSLC exam result - RANOJ PEGU ON HSLC EXAM RESULT
Published : Apr 1, 2024, 8:58 PM IST
মাজুলী, ১ এপ্ৰিল: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৰঙালী বিহুৰ আগে পাছে ঘোষণা কৰা হ'ব । মাজুলীত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত এই ঘোষণা কৰিলে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । আজি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ নিৰ্বাচনী প্রচাৰৰ বাবে মাজুলীত উপস্থিত হৈ শিক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য় কৰি কয় যে এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আন বছৰতকৈ আগতীয়া হ'ব ।
শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুয়ে পুনৰ কয় যে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বাবে চৰকাৰ সাজু হৈছে । উল্লেখ্য় যে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে পূৰ্বেই উল্লেখ কৰিছিল যে অসমত অৱসান ঘটিব পৰীক্ষাত ষ্টেণ্ড কৰাৰ ব্যৱস্থা ৷ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকত এইবাৰৰ পৰা কোনো স্থান বা ‘ষ্টেণ্ড’ ৰ ব্যৱস্থা নাথাকিব বুলি ঘোষণা কৰিছিল ।
লগতে পঢ়ক:চলিত শিক্ষাবৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকে স্থানপ্ৰাপ্তৰ ব্যৱস্থা: শিক্ষামন্ত্ৰী