অসম

assam

ETV Bharat / videos

চূণচালি জয়পূৰ ঘাটত বিসৰ্জন দেৱী দূর্গাৰ প্ৰতিমা: তৎপৰ আৰক্ষী-প্ৰশাসন

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 3:49 PM IST

গুৱাহাটী, ১২অক্টোবৰ: মহানগৰীৰ চূণচালিৰ জয়পুুৰঘাটত শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰতিমা বিসৰ্জনৰ প্ৰক্ৰিয়া । জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা অন্যতম বিসৰ্জনঘাট নুনমাটি চুনচালিৰ জয়পুৰঘাটত দুদিনীয়াকৈ চলিব মা দেৱীৰ প্ৰতিমা বিসৰ্জন । বিসৰ্জনৰ সময়ত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে তৎপৰ হৈ পৰিছে চূণচালি-জয়পুৰ বিসৰ্জনঘাট কমিটী, নুনমাটি আৰক্ষী থানা, আভ্যন্তৰীণ জল পৰিবহণ নিগম, নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতি আৰু নুনমাটি গাঁওৰক্ষী বাহিনী ।  

উল্লেখ যে বিগত বৰ্ষত মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা অহা এই ঘাটত ৪২ খন প্ৰতিমা বিসৰ্জন দিয়া হৈছিল । এইবেলি এই ঘাটত ৩৫ ৰ পৰা ৩৭ খন প্ৰতিমা বিসৰ্জন হ'ব বুলি আশা প্ৰকাশ কৰিছে বিসৰ্জন কমিটীয়ে ।  

বিজয়া দশমীৰ প্ৰতিমা বিসৰ্জনত নিৰাপত্তাৰ বাবে এখন জাহাজ, এছ ডি আৰ এফ আৰু আৰক্ষীৰ উপৰি অৰ্ধশতাধিক স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে । আনহাতে, নিৰাপত্তাজনিত কাৰণত পূজা সমিতিৰ লোকক ঘাটৰ ওচৰলৈ যাবলৈ দিয়া নাই বুলি উল্লেখ কৰিছে বিসৰ্জনঘাট কমিটীয়ে ।

লগতে পঢ়ক:আজি বিজয়া দশমী, অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিবলৈ মণ্ডপে মণ্ডপে চলিছে প্ৰস্তুতি

প্ৰতিমা বিসৰ্জনৰ বাবে সাজু নুনমাটি জয়পুৰঘাট

ABOUT THE AUTHOR

...view details