অসম

assam

ETV Bharat / videos

দীপাৱলীৰ বজাৰত থলুৱা সামগ্ৰীৰ চাহিদা বৃদ্ধি - BAKSA DIWALI MARKET

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 11:38 AM IST

বাক্সা: কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী । পোহৰৰ উৎসৱ দীপাৱলীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ এই উৎসৱক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে উৎসাহ-উদ্দীপনা । ইতিমধ্যে ৰং-বিৰঙী আলোক, ফটকা, ফুলজাৰি আদিৰে ভৰি পৰিছে বজাৰ । দীপাৱলীৰ প্ৰাকক্ষণত বাক্সা জিলাৰ দোকান সমূহত গ্ৰাহকে কৰিছে ভিৰ ৷ বিশেষকৈ কাঁহ-পিতলৰ দোকান, মাটিৰ চাকি-ফটকাৰ দোকান সমূহত পুৱাৰে পৰাই ভিৰ হয় ৷

দীপাৱলীৰ কাৰণে বহুতেই কিনিলে মাটিৰ চাকি ৷ এইবাৰ থলুৱা সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে । ইয়াৰ পূৰ্বে চীনৰ সামগ্ৰী বিচাৰি গ্ৰাহকে ভিৰ কৰিছিল যদিও এইবাৰ স্থানীয়  মাটিৰ চাকি-ফটকাৰ চাহিদা বৃদ্ধি হোৱা বুলি মন্তব্য় কৰিলে স্থানীয় বিক্ৰেতাসকলে  ৷ এইবাৰ বাক্সা জিলাৰ প্ৰায়বোৰ দোকানতে স্থানীয় সামগ্ৰীৰে ভৰি পৰিছে ।

লগতে পঢ়ক:মাটিৰ চাকি ডিজাইন কৰাত ব্যস্ত হৈ পৰিছে এদল দিব্যাংগ ছাত্ৰ-ছাত্ৰী

হয়গ্ৰীৱ মাধৱ মন্দিৰত হঠাতে এই ভিৰ কিয় ?

ABOUT THE AUTHOR

...view details