অসম

assam

ভোট লৈ জয়ী হোৱাৰ পিচত প্ৰতিনিধিয়ে পাহৰে প্ৰতিশ্ৰুতিসমূহ

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 4:55 PM IST

এখন জৰাজীৰ্ণ বাঁহৰ দলং

ওদালগুৰি, 29 জানুৱাৰী : এখন জৰাজীৰ্ণ বাঁহৰ দলং, বহুতে জন্ম হোৱাৰ পিছৰে পৰা সেইখন দলঙৰেই পাৰ কৰিলে শৈশৱ, কৈশোৰ, যৌৱন ৷ নিৰ্বাচনৰ আগে আগে ভোট বিচাৰি যোৱা প্ৰতিনিধিয়ে নিৰ্বাচনত জয়ী হোৱাৰ পিচতে পিঠি দিয়ে অঞ্চলটোৰ উন্নয়নলৈ ৷ সেয়েহে আজিলৈকে তাত নিৰ্মাণ নহ’ল এখনো পকী দলং ৷ তেনেকেই পাৰ হৈ গৈছে বছৰৰ পিচত বছৰ, দিনৰ পিচত দিন ৷

এই জৰাজীৰ্ণ বাঁহৰ দলঙৰ বাবে জীয়াতু ভূগিছে ওদালগুৰি জিলাৰ কলাইগাঁও সমষ্টিৰ অন্তৰ্গত নাপ্তিপাৰা গাঁৱৰ ৰাইজে। নাপ্তিপাৰা গাঁৱত পকী দলং এখন নিৰ্মাণ কৰি ৰাইজক যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সুচল কৰি তুলিবলৈ গাঁৱৰ ৰাইজে চৰকাৰক দাবী জনাইছে । উক্ত অঞ্চলটোত এই জৰাজীৰ্ণ বাঁহৰ দলংখনেই একমাত্ৰ ভৰসা হৈ পৰিছে কলাইগাঁও সমষ্টিৰ অন্তৰ্গত নাপ্তিপাৰা গাঁওবাসীৰ ।

প্ৰতি পাঁচ বছৰৰ পিচত সলনি হয় চৰকাৰ । কিন্তু সলনি নহয় ওদালগুৰি জিলাৰ কলাইগাঁও সমষ্টিৰ নাপ্তিপাৰা আৰু বিষ্ণুপুৰ সংযোগী এই বাঁহৰ দলংখন । এই বাঁহৰ দলংখন বাৰিষা প্ৰতিবছৰে বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত হাহাকাৰ কৰিব লগা হয় অঞ্চলটোৰ পাঁচখন গাঁৱৰ ৰাইজে । বাঁহৰ দলঙৰ পৰা পৰি বহু দুৰ্ঘটনাও সংঘটিত হৈছে । প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিয়ে দলং নিৰ্মাণৰ, কিন্তু সকলো মিছা । এতিয়া চৰকাৰক শীঘ্ৰে পকী দলং নিৰ্মাণ কৰি দিবলৈ গাঁৱৰ ৰাইজে দাবী জনাইছে । এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক বিশেষ প্ৰতিবেদন ।

লগতে পঢ়ক : কেবাটাও জীৱন শেষ হৈ যোৱাৰ পাচতো এখন দলং নিদিলে চৰকাৰে

ABOUT THE AUTHOR

...view details