অসম

assam

ETV Bharat / videos

ধেমাজিত বোলে দুই-তিনি বছৰৰ পিচত বানপানী নহয় ! ক’লে মুখ্যমন্ত্ৰীয়ে - Flood in Dhemaji

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 7:11 PM IST

ধেমাজি, 12 এপ্ৰিল: আগন্তুক দুই-তিনি বছৰৰ পিচত ধেমাজিত বানৰ সমস্যা নাথাকিব ৷ কাৰণ প্ৰদান বৰুৱাই সদায় ধেমাজি, লখিমপুৰ, চিচিবৰগাঁও আদি অঞ্চলৰ বাবে কাম কৰি আহিছে ৷ ধেমাজিত এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷  

লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আজি আমি কেৱল মথাউৰিয়েই বনোৱা নাই, মথাউৰিৰ ওপৰত ৰাস্তাও বনাইছো ৷ মই বিশ্বাস কৰো- আৰু দুই-তিনি বছৰ লাগি থাকিলে ধেমাজিত গৰাখহনীয়া আৰু বানপানী নহয় ৷  

ইফালে লখিমপুৰৰ বিজেপি প্ৰাৰ্থীগৰাকী প্ৰায় 5 লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ আনহাতে সমষ্টিটোৰ বিৰোধী প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা ঘৰৰ পৰা ওলোৱাই নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ প্ৰদান বৰুৱাৰ জনপ্ৰিয়তাৰ কথা কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীয়ে নামত প্ৰাৰ্থী দিব লাগে বাবেহে দিছে ৷ কংগ্ৰেছে একপ্ৰকাৰে ৱাকঅভাৰ দিয়া বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দেশক দীর্ঘসময় ধৰি ক্ষতি কৰিলে : সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details