ভোটগণনাৰ বাবে সাজু ধেমাজি জিলা প্ৰশাসন - LOK SABHA ELECTION 2024 - LOK SABHA ELECTION 2024
Published : May 31, 2024, 12:57 PM IST
ধেমাজি, ৩১ মে': ৪ জুনৰ ভোটগণনাৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰত্যেক জিলা প্ৰশাসন । সমান্তৰালকৈ সাজু ধেমাজি জিলা প্ৰশাসন । ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত বৃহস্পতিবাৰে বিয়লি ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে সম্বোধন কৰে এখনি সংবাদমেল ৷ সংবাদমেলত আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয়ৰ কক্ষত স্থাপন কৰা ষ্ট্ৰং ৰুম পুৱা ৭ বজাত খোলা হ'ব বুলি প্ৰকাশ কৰে আয়ুক্তগৰাকীয়ে ৷
আয়ুক্তগৰাকীয়ে জনাই যে, পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব ৷ ধেমাজি বিধানসভা সমষ্টিৰ বাবে হল নং-১ ত থাকিব ১২ খন টেবুল আৰু চিচিবৰগাঁও বিধান সমষ্টিৰ বাবে হল নং-২ ত থাকিব ১৪ খন টেবুল ৷ ধেমাজি সমষ্টি ভোটগগনা ১৬ ৰাউণ্ডত আৰু চিচিবৰগাঁও সমষ্টিত ১৫ ৰাউণ্ডত সমাপ্তি হ’ব বুলি আশা কৰা হৈছে ৷
উল্লেখ্য যে, ৭৮ নং ধেমাজি বিধানসভা সমষ্টিত ১৯২ টা ভোটকেন্দ্ৰ আৰু ৭৯ চিচিবৰগাঁও সমষ্টিত ২০১ টা কেন্দ্ৰত ভোটগ্ৰহণ সম্পন্ন হৈছিল ৷ দুয়োটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ৩,৪৮,৭৮৭ জন ৷