অস্তিত্বৰ সংকটত খিলঞ্জীয়া মুছলমান: সুৰক্ষা বিচাৰি শিৱসাগৰত দেশী জনগোষ্ঠীয় ঐক্য মঞ্চৰ সঁজাতি দল - Desi Muslim community
Published : Sep 3, 2024, 6:11 PM IST
শিৱসাগৰ, 3 ছেপ্টেম্বৰ: খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্ৰাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় ঐক্য মঞ্চ অসমৰ এটা সঁজাতি দল মঙলবাৰে উপস্থিত হয় শিৱসাগৰত । গৰিয়া, মৰিয়া, দেশী, জলহা আৰু ছৈয়দ জনগোষ্ঠীৰ খিলঞ্জীয়া মুছলমানসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী সংগঠনটোৰ । পমুৱা মুছলমানৰ প্ৰব্ৰজনৰ ফলত গোৱালপাৰা জিলা নাইবা কমতাপুৰত বসবাস কৰা খিলঞ্জীয়া মুছলমান লোকসকলে অস্তিত্বৰ সংকটত ভোগাৰ বিষয়ে ব্যক্ত কৰিলে জনগোষ্ঠীকেইটাৰ ঐক্য মঞ্চৰ বিষয়ববীয়াই ।
অস্তিত্বহীন হোৱা নাইবা পৰিচয় সংকটত ভোগাৰ পূৰ্বে চৰকাৰক জৰীপ কৰিবলৈ আহ্বান জনগোষ্ঠীয় সংগঠনটোৰ সঁজাতি দলৰ । ধৰ্মান্তৰকৰণৰ জৰিয়তে ইছলাম ধৰ্ম গ্ৰহণ কৰা এইসকল লোক পমুৱা মুছলমানৰ প্ৰব্ৰজনৰ ফলত আজি অস্তিত্বৰ সংকটত । গুড উইল অভিযানৰ অংশ হিচাপে এই জনগোষ্ঠীসমূহৰ সঁজাতি দলৰ উজনি অসম ভ্ৰমণ । এইসকল খিলঞ্জীয়া মুছলমান লোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ উজনিৰ দল-সংগঠন সমূহলৈ আহ্বান জনালে সঁজাতি দলটোৱে ।
পমুৱা মুছলমানৰ আগ্ৰাসনৰ বাবেই অস্তিত্বৰ সংকটত ভুগিছে খিলঞ্জীয়া অসমীয়া মুছলমান লোকসকলে । উজনিৰ চৰাইদেউ জিলাৰ পৰা চৰকাৰীভাৱে আৰম্ভ হ’ব খিলঞ্জীয়া মুছলমানৰ জৰীপ প্ৰক্ৰিয়া । চলিত বছৰৰ অক্টোবৰ মাহৰ পৰাই আৰম্ভ হ’ব খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক জৰীপ । ইফালে সদৌ অসম গৰিয়া পৰিষদে লখিমপুৰৰ পৰা আৰম্ভ কৰিছে অসমত বাস কৰা গৰিয়াসকলৰ জনগণনা ৷
লগতে পঢ়ক: অসমত এইবাৰ গৰিয়া লোকপিয়ল: লখিমপুৰৰ পৰা আৰম্ভ অভিযান - Census of Garia population