অসম

assam

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 10:45 PM IST

ETV Bharat / videos

২০ বছৰীয়া দালালেহে যোগদান কৰিছে বিজেপিত: ক্ষোভ উজাৰিলে দৰং জিলা কংগ্ৰেছে

দৰং, 7 মাৰ্চ : দৰং জিলাত কংগ্ৰেছৰ বৃহৎ খহনীয়াৰ পিচতেই দৰং জিলা কংগ্ৰেছে বৃহস্পতিবাৰে এখনি সংবাদমেল সম্বোধন কৰে । সংবাদমেল সম্বোধন কৰে জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে । সংবাদমেলত তেওঁ কয় যে বিজেপিত যোগদান কৰাসকল কংগ্ৰেছৰ ২০ বছৰীয়া দালাল ।

দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে কয়, ‘ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা সকলে পাৰ্টী কৰিবলৈ যোৱা নাই, ঠিকা কৰিবলৈ গৈছে । এতিয়া দৰং কংগ্ৰেছ মুক্ত । কংগ্ৰেছৰ সদস্যই বিজেপিত যোগদান কৰা নাই, ২০ বছৰীয়া দালালেহে যোগদান কৰিছে । একমাত্ৰ বিধায়ক বসন্ত দাসৰ কাম-কাজ খিনি শেষ হোৱাৰ পিচতেই সকলো আকৌ কংগ্ৰেছলৈ আহিব । বিজেপিয়ে বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এই যোগদান কৰাইছে ।’

লগতে পঢ়ক : বসন্ত দাসৰ গেৰুৱা প্ৰেম: দৰং কংগ্ৰেছৰ সভাপতিৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details