কইনা পলাল, কাক দিব এতিয়া উপহাৰ ?
Published : Mar 5, 2024, 9:50 PM IST
মঙলদৈ, 5 মাৰ্চ : ৰন্ধাই ৰান্ধিছে ৷ খোৱাই খাইছে ৷ সময় মতে আহিছে আলহী-অতিথিও ৷ সকলোৰে মনত আনন্দ উল্লাস ৷ কিয়নো আজি মঙলদৈৰ 40 নং মোৱামাৰীৰ সেই মইনাজনীৰ বিয়া ৷ মইনাৰ বিয়াৰ বাবে সকলোৰে যেন আনন্দৰ সীমা নাই ৷ নাচি-বাগি, ৰং-ৰহইচ কৰাত সকলো ব্যস্ত ৷
দিনটো আনন্দ-স্ফূৰ্তিৰ মাজেৰে পাৰ হ’ল ৷ কিন্তু হঠাৎ বিয়াঘৰত লাগিল হুলস্থূল ৷ হাতে হাতে উপহাৰ লৈ অ’ত-ত’ত থিয় দিছে আমন্ত্ৰিত অতিথিয়েও ৷ কিয়নো ঘৰৰ ভিতৰৰ পৰা আহিছে এটা খবৰ ৷ কইনা নাই ৷ কইনা পলাল প্ৰেমিকৰ লগত ৷ কিন্তু কোন সেইজন প্ৰেমিক আৰু কেনেকৈ আলহী-অতিথিৰ চকুত ধূলি দি ৰভাতলৰ পৰাই পলাল কইনা ?
অ’ ৰ’ৱ পিচে, কইনা নাথাকিলেও কিন্তু চলিয়েই থাকিল অতিথিক আপ্যায়ন কৰা পৰ্ব ৷ কইনাবিহীন বিয়াত ভোজ-ভাত খাই ঘৰৰ পৰা অনা উপহাৰৰ টোপোলাটো পুনৰ ঘৰলৈ লৈ উভতিছে অতিথিও ৷ অতিথিসকলৰ এটাই দুখ- খোৱা খাদ্য সকলো ঠিকেই আছিল, মাত্ৰ কইনাকহে দেখা নাপালে তেওঁলোকে ৷
ইফালে কইনা পলাই যোৱাৰ খবৰ পাই মূৰত পানী দিয়াৰ অৱস্থা হৈছে দৰাঘৰীয়াৰ ৷ উপায়ন্তৰ সকলো ৷
লগতে পঢ়ক : অনন্যা পাণ্ডে-আদিত্য ৰয় কাপুৰৰ প্ৰেমৰ সম্পৰ্কক গ্ৰীণ চিগনেল দিলে ৰণবীৰ কাপুৰে !