ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা - ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়
Published : Mar 4, 2024, 7:36 PM IST
ৰঙিয়া, 4 মাৰ্চ : ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত আৰম্ভ হৈছে মহাবিদ্যালয় সপ্তাহ ৷ তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰে । মহাবিদ্যালয়খনৰ উপাধ্যক্ষা নমিতা হালৈৰ নেতৃত্বত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি শোভাযাত্ৰাটোত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাৰ সুন্দৰ নিদৰ্শন তুলি ধৰে ।
এই কাৰ্যসূচীৰ অংশ হিচাপে ৰামায়ণৰ এটা আভাস, অসমৰ ভূমিপুত্ৰ বড়োসকলৰ লগতে ৰাভা আৰু অসমীয়া সকলৰ বিভিন্ন সামাজিক নীতি-নিয়ম তথা পৰম্পৰাসমূহ শোভাযাত্ৰাটোত প্ৰদৰ্শন কৰা হয় । বিশেষকৈ বড়োসকলৰ বিবাহৰ পৰম্পৰা, বৈশাগু নৃত্য, কৃষিৰ বিভিন্ন পৰম্পৰা, অসমীয়াৰ বিহু, মহোহো, বিয়া নাম, নাগাৰা নাম, ৰাভা সকলৰ সাজপাৰ, লোকনৃত্য, মাজুলীৰ সত্ৰীয়া সংস্কৃতি, বিয়াৰ পানী তোলা পৰ্ব, ঝুমুৰ নৃত্য, খেৰাই আৰু বাগৰুম্বা নৃত্য আদি সুন্দৰকৈ ৰাজপথত প্ৰদৰ্শন কৰি সমদলটো আগবাঢ়ে ৷
ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলে প্লে কাৰ্ডত উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ পৰম্পৰা, পুৰণি অসমীয়া বিহুগীতৰ লগতে বিয়া নাম, বড়ো আৰু ৰাভাসকলৰ গীত-মাত লিখিও ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হয় । অসমৰ জাতীয় সাজপাৰ পিন্ধি নৃত্য-গীত প্ৰদৰ্শন কৰি আগবঢ়া সমদলটোক চাই পথচাৰীসকল উৎসাহিত হৈ পৰে । মহাবিদ্যালয়খনৰ মহাবিদ্যালয় সপ্তাহ সম্পূৰ্ণ এসপ্তাহ ধৰি চলিব বুলি মহাবিদ্যালয়খনৰ উপাধ্যক্ষাই জানিবলৈ দিয়ে ।
লগতে পঢ়ক : হোজাইত ১৫ দিন বন্ধ থাকিব ৰাজহ বিভাগৰ কাম