অপৰাধ ৰোধৰ বাবে মুকলি হেল্পলাইন নম্বৰ - CP PARTHASARATHI MAHANTA
Published : Jan 5, 2025, 8:23 AM IST
গুৱাহাটী: নতুন দায়িত্ব লৈয়েই গুৱাহাটীবাসী ৰাইজলৈ নতুন হেল্পলাইন নম্বৰ মুকলি কৰিলে নৱ-নিযুক্ত মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই । শনিবাৰে আনুষ্ঠানিকভাৱে আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰি পাৰ্থসাৰথি মহন্তই ওজৰ-আপত্তি তথা সমস্যাৰ বিষয়ে হেল্পলাইন নম্বৰত WhatsApp কৰিব পাৰিব মহানগৰবাসীয়ে । 6026900651 নম্বৰযোগে মহানগৰবাসীয়ে অভাৱ অভিযোগ দৰ্শাব পাৰিব । 24×7 সক্ৰিয় থাকিব এই WhatsApp নম্বৰ ।
কাৰ্যভাৰ গ্ৰহণ কৰি পাৰ্থসাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত কয়, "গুৱাহাটীত অপৰাধৰ হাৰ বহুত বেছি । অপৰাধ নিয়ন্ত্ৰণৰ বাবে আমি যিমান পাৰি সষ্টম হৈ থাকিম । গুৱাহাটীবাসীৰ প্ৰতিটো মুহূৰ্তত সমৰ্থন লাগিব মহানগৰ আৰক্ষীক । চেইন চুৰি, ম'বাইল চুৰি চাইবাৰ চক্ৰ উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম । ৩১ ডিচেম্বৰ দিনা সুৰাপান কৰি গাড়ী চলাবলৈ মানা কৰা হৈছিল । সেই আহ্বান মানিছিল গুৱাহাটীবাসীয়ে । ৩১ ডিচেম্বৰ দিনা গুৱাহাটীত কেৱল ৯৪ টা এনেধৰনৰ কেচ পোৱা গৈছিল । গতিকে ৰাইজৰ সহযোগ অবিহনে কোনো সম্ভৱ নহয় ।"