অসম

assam

ETV Bharat / videos

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল সমবায় সমিতিৰ উচ্চবৰ্গৰ সহায়ক - Caught for taking bribe - CAUGHT FOR TAKING BRIBE

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 9:25 PM IST

গোৱালপাৰা, ২১ আগষ্ট: গোৱালপাৰাত মুখ্যমন্ত্ৰী তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ অভিযানত জালত পৰিল গোৱালপাৰাৰ এগৰাকী চৰকাৰী কৰ্মচাৰী । মঙলবাৰে চলোৱা অভিযানত জালত পৰা কৰ্মচাৰীগৰাকী হ'ল গোৱালপাৰাৰ সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক প্ৰবীণ মুছাহাৰী । গোৱালপাৰা জিলাৰ লক্ষীপুৰ অঞ্চলৰ এখন মীন সমবায় সমিতিৰ পঞ্জীয়ন কৰাৰ নামত ৫০ হাজাৰ টকা উৎকোচ বিচাৰিছিল গোৱালপাৰা জিলা সমবায় সমিতিৰ উচ্চ বৰ্গৰ কৰ্মচাৰী প্ৰবীণ মুছাহাৰীয়ে ।  

৫০ হাজাৰ টকা উৎকোচ নিদিয়াৰ বাবে বিগত এবছৰ ধৰি পঞ্জীয়নৰ কাম টেবুলতে আবদ্ধ কৰি থৈছিল কৰ্মচাৰীগৰাকীয়ে । উপায়ন্তৰ হৈ লোক কেইজনে মুখ্যমন্ত্ৰীৰ তদাৰক আৰু দুৰ্নীতি নিবাৰক শাখাৰ সৈতে যোগাযোগ কৰে । মীন পঞ্জীয়ন কৰিবলৈ অহা লোকজনে মঙলবাৰে ৫০ হাজাৰ টকাৰ ১০ হাজাৰ টকা আদায় দিবলৈ আজি জিলা সহকাৰী পঞ্জীয়ন কাৰ্যালয়ত উপস্থিত হৈ ১০ হাজাৰ টকা উৎকোচ লওঁতে পূৰ্বতে খাপপিটি থকা দুৰ্নীতি নিবাৰাক শাখাই হাতে লোটে গ্ৰেপ্তাৰ কৰে প্ৰবীণ মুছাহাৰীক । 

লগতে পঢ়ক: দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ BDO আৰু সহকাৰী BDO - Caught for taking bribe

৫ কেজি আলু ঘোচ বিচাৰি নিলম্বিত হ’ল আৰক্ষী উপ-পৰিদৰ্শক - SUB INSPECTOR suspended

ABOUT THE AUTHOR

...view details