কংগ্ৰেছ দলৰ শিপা বহুত মজবুত: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election 2024
Published : Mar 27, 2024, 8:18 PM IST
বঢ়মপুৰ, 27 মাৰ্চ : ক্ৰমে চমু চাপি অহা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে তীব্ৰ গতিত চলাইছে প্ৰচাৰ অভিযান ৷ লগতে তীব্ৰতৰ হৈ উঠিছে ইজনে সিজনলৈ বোকা চটিওৱাৰ ৰাজনীতি ৷ এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 2026 চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দল নিঃশেষ হৈ যাব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷
বঢ়মপুৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে, কংগ্ৰেছ দলৰ শিপা বহুত মজবুত ৷ কংগ্ৰেছ দলৰ কৰ্মী সকলৰ মনোবল হ্ৰাস কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে বিভ্ৰান্তিকৰ মন্তব্য কৰিছে বুলি কয় প্ৰদ্যুৎ বৰদলৈয়ে ৷ আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ কথাত কোনেও গুৰুত্ব নিদিয়ে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাজনে ৷ ইফালে কংগ্ৰেছত তিনিবাৰকৈ পৰাজিত হৈ বিজেপিত যোগদান কৰি প্ৰাৰ্থিত্ব লাভ কৰা সুৰেশ বৰাক ক্ষুৰধাৰ সমালোচনা কৰি আগন্তক সময়ত ৰাইজে তেওঁক প্ৰত্তুত্যৰ ৰ দিব বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷
লগতে পঢ়ক : লখিমপুৰত মনোনয়ন দাখিল কংগ্রেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ - LOK SABHA ELECTION 2024