অসম

assam

চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ ডাগ্ৰছ জব্দ

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 8:49 PM IST

বৃহৎ পৰিমাণৰ ডাগ্ৰছ জব্দ

ৰঙাপৰা, 2 ফেব্ৰুৱাৰী : চাৰিদুৱাৰ আৰক্ষীৰ বৃহৎ সফলতা । শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য আৰু এখন সোণৰ নাও জব্দ কৰিবলৈ সক্ষম হৈছে । প্ৰাপ্ত খবৰ অনুসৰি কালি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে উক্ত আৰক্ষী থানাৰ অন্তৰ্গত অকাবস্তি বঙালী গাঁৱত অভিযান চলাই আৰু ৭৩ টা ড্ৰাগছভৰ্তি কন্টেইনাৰসহ চাবোনৰ বাকচৰ ভিতৰত থকা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ।

ইফালে চাৰিদুৱাৰ আৰক্ষীয়ে অভিযানৰ সময়ত এখন সোণৰ নকল নাও জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাৰ সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে ৰুস্তম আলি, ফিৰোজ খান, বসু বৰাইক আৰু এগৰাকী মহিলাক আটক কৰিছে । এক গোপন সূত্ৰৰ পম খেদি চাৰিদুৱাৰ থানাৰ আৰক্ষী বিষয়া দীপজ্যোতি ভৰালীৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে আটক কৰা মহিলাগৰাকীৰ ঘৰত অভিযান চলাই ড্ৰাগছখিনিৰ লগতে সোণৰ নাওখন জব্দ কৰিবলৈ সক্ষম হয় ।

ঘটনাৰ সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত অকাবস্তি বঙালী গাঁও, খনামুখ, অকাবস্তি মিৰিগাঁও, গুদামঘাট আদি ঠাইত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক : কলগাছিয়াত ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে আটক কৰি গতালে আৰক্ষীক

ABOUT THE AUTHOR

...view details