অসম

assam

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ গাত সৰি পৰিল চিলিং - Tinsukia Medical College Hospital

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 8:11 PM IST

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় (ETV BHARAT ASSAM)

তিনিচুকীয়া, ২ জুলাই: তিনিচুকীয়া জিলাৰ মাকুম শুকানপুখুৰীস্থিত নৱনিৰ্মিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত মঙলবাৰে পুৱা সংঘটিত হয় এক অঘটন ৷ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়ৰ এটা বিভাগৰ ক'ৰিড'ৰত ৰোগীৰ চিকিৎসা কৰি থকাৰ সময়তে চিলিং খহি পৰি এগৰাকী ৰোগীৰ গাত পৰে । এগৰাকী ৰোগীয়ে উত্থাপন কৰিছে এই অভিযোগ ।

উল্লেখযোগ্য যে এন চি চি প্ৰাইভেট লিমিটেড কোম্পানীটোৱে ৬১৪.৯৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়খন এবছৰ সম্পূৰ্ণ নহওঁতে এনেদৰে কৰিড'ৰৰ চিলিং ভাঙি চিকিৎসা কৰিবলৈ যোৱা ৰোগী আঘাতপ্ৰাপ্ত হোৱাত ৰাইজৰ মাজত ইয়াকে লৈ চলিছে চৰ্চা ।        

সৌভাগ্যক্ৰমে চিলিংখনৰ লগতে বাল্ব সৰি পৰাৰ সময়ত ওচৰে পাঁজৰে বহু ৰোগী আছিল যদিও কথমপি তেওঁলোক আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে ৷ এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই যদিও ৰোগীৰ জীৱনৰ লগতে হেতালি খেলা এই বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালক কেন্দ্ৰ কৰি চলা অপপ্ৰচাৰৰ বিৰুদ্ধে স্থিতি স্পষ্ট অধীক্ষকৰ - Jorhat Medical College Hospital

স্বাস্থ্য খণ্ডৰ পুতৌলগা আন্তঃগাঁথনিৰ মাজতে নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ - Assam health sector

ABOUT THE AUTHOR

...view details