নগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙক প্ৰদান ডামচাও ডিম্বেশ্বৰ গগৈ সোঁৱৰণী সমন্বয় বঁটা - DAMCHAO DIMBESWAR GOGOI
Published : Dec 30, 2024, 7:05 PM IST
শিৱসাগৰ : সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আজি শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে ৩৫ সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰা হয় । শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানতে আজি প্ৰথম বাৰ্ষিক "ডামচাও ডিম্বেশ্বৰ গগৈ সোঁৱৰণী সমন্বয় বঁটা" প্ৰদান কৰা হয় ।
ছাত্ৰ সংগঠনটোৰ অন্যতম প্ৰতিষ্ঠাপক আৰু প্ৰথমগৰাকী সাংগঠনিক সম্পাদক ডিম্বেশ্বৰ গগৈৰ সোঁৱৰণত আজি এই বঁটা নগালেণ্ড চৰকাৰৰ পৰ্যটন আৰু উচ্চ শিক্ষা বিভাগৰ কেবিনেট মন্ত্ৰী টেমজেন ইমনা আলঙক প্ৰদান কৰা হয় ।
উল্লেখ্য যে, ডিম্বেশ্বৰ গগৈক ৰাজ্যৰ এটা নিষিদ্ধ ঘোষিত সংগঠনে ১৯৮৯ চনত অপহৰণ কৰি হত্যা কৰিছিল । কাৰ্যসূচীৰ অংশ ৰূপে আজি মৈদাম তৰ্পণ, বান ফি পূজা, সমন্বয় শোভাযাত্ৰা, মুকলি সভা আদি অনুষ্ঠানৰ আয়োজন কৰা হয় । সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোঁহায়ে সংগঠনটোৰ প্ৰথমগৰাকী সংগাঠনিক সম্পাদক ডিম্বেশ্বৰ গগৈক হত্যা কৰাৰ বাবে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ক আজিৰ এই অনুষ্ঠানত কঠোৰ ভাষাৰে সমালোচনা কৰে ।