হাজাৰ হাজাৰ অসমৰ শ্ৰমিকক শ্ৰমকাৰ্ড বিচাৰি হাৰাশাস্তি মেঘালয়ত - Labour harassment in Meghalaya - LABOUR HARASSMENT IN MEGHALAYA
Published : Jul 16, 2024, 2:02 PM IST
শিলচৰ, ১৬ জুলাই: মেঘালয়ত পুনৰ অসমৰ শ্ৰমিকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিগত দুদিনত চুবুৰীয়া ৰাজ্য় মেঘালয়ৰ পৰা ওভতাই পঠিওৱা হৈছে অসমৰ কেইবা হাজাৰ শ্ৰমিকক ৷ শ্ৰমকাৰ্ড (লেবাৰ কাৰ্ড ) বিচাৰি অসমৰ শ্ৰমিকক খাছী ছাত্ৰ সন্থাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী শ্ৰমিকসকলে ৷ অসমৰ শ্ৰমিক সকলে মেঘালয়ত কাম কৰিবলৈ এতিয়াৰ পৰা লাগিব শ্ৰমকাৰ্ড ৷
মেঘালয়ত খাছী ছাত্ৰ সন্থাই হঠাৎ এনে নিৰ্দেশ জাৰি কৰাত হাজাৰ হাজাৰ শ্ৰমিকৰ হাহাকাৰ লাগিছে । যোৱা দুদিনত মেঘালয়ৰ পৰা এই শ্ৰমিকসকলক ওভতাই পঠিওৱাত এতিয়া কামৰ বাবে হাহাকাৰ লাগিছে ৷ অসম- মেঘালয়ৰ সীমান্তৱৰ্তী ৰাতাছড়াৰ ৰাজপথত প্ৰতিখন বাহনত তালাচী চলাই মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিছে খাছী ছাত্ৰ সন্থাই ৷ খাছী ছাত্ৰ সন্থাৰ এনে কাৰ্যকলৈ শ্ৰমিকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।