অসম

assam

পবিত্ৰ ভাদ মাহ আৰম্ভ: ভক্তি ৰসত বিলীন সত্ৰ নগৰী মাজুলী - holy Bhada month

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 10:33 AM IST

ভক্তি ৰসত বিলিন সত্ৰ নগৰী মাজুলী (ETV Bharat)

মাজুলী, 18 আগষ্ট : আজি পহিলা ভাদ । ভক্তি ৰসত বিলীন হৈছে সত্ৰ নগৰী মাজুলী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীত আৰম্ভ হৈছে ভাদ মহীয়া নাম-প্ৰসংগ । মহাপুৰুষ দুজনাৰ স্বৰ্ণিল সংস্কৃতিৰ বৰ্ণিল ঐতিহ্যৰে মুখৰিত হৈছে মাজুলীৰ সত্ৰ-নামঘৰসমূহ ।

মাজুলীৰ প্ৰায় তিনি শতাধিক নামঘৰ আৰু প্ৰায় 35 খন সত্ৰত আৰম্ভ হৈছে নাম-প্ৰসংগ । মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰ, ভোগপুৰ সত্ৰ, শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰকে ধৰি বিভিন্ন সত্ৰত আৰম্ভ হৈছে নাম প্ৰসংগ । পুৱা ভাগৰ পৰা নাম প্ৰসংগ আৰম্ভ হৈছে সত্ৰানুষ্ঠানসমূহৰ লগতে নামঘৰসমূহত ।

এই গোটেই মাহটোত গুৰু দুজনাৰ পবিত্ৰ মিলন ভূমিত আকাশ বতাহ মুখৰিত হ’ব হৰি নামৰ ধ্বনিৰে ৷ ভকত বৈষ্ণৱসকলৰ লগতে আইসকলৰ নামেৰেও মুখৰিত হ’ব সত্ৰ নগৰী মাজুলী ।

লগতে পঢ়ক : আজি সংক্ৰান্তি : ৰাজ্যৰ সত্ৰ-নামঘৰত আৰম্ভ ভাদমহীয়া নাম-প্ৰসংগ - Auspicious Bhado month

ABOUT THE AUTHOR

...view details