অসম

assam

ETV Bharat / videos

টোল টেক্স সংগ্ৰহ বন্ধ কৰাৰ দাবী : মদনপুৰ টোলগেটত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ - Youth Congress Protest

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 6:44 PM IST

আমিনগাঁও, 24 জুন : টোল গেটৰ বিৰুদ্ধে প্ৰতিবাদত নামিল যুৱ কংগ্ৰেছ ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ সু-ব্যৱস্থা নকৰাকৈ টোল টেক্স সংগ্ৰহ বন্ধ কৰাৰ দাবী যুৱ কংগ্ৰেছৰ নেতৃত্বৰ ৷ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত টনা-আঁজোৰাও সৃষ্টি হয় ৷

কামৰূপৰ মদনপুৰ টোলগেটত যুৱ কংগ্ৰেছে সোমবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেৰ আনমৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মীসকলে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ সুব্যৱস্থা নকৰালৈকে টোল টেক্স সংগ্ৰহ বন্ধ ৰখাৰ দাবীত টোল গেট ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে টনা-আঁজোৰা সৃষ্টি হয় প্ৰতিবাদকাৰীসকলৰ ৷  

ইফালে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ য়েতিয়ালৈকে সম্পূৰ্ণ নহয় তেতিয়ালৈকে টোল টেক্স সংগ্ৰহ বন্ধ কৰাৰ দাবী জনাই যুৱ কংগ্ৰেছে ৷ পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক ৷

লগতে পঢ়ক : লখিমপুৰত বনমন্ত্ৰীৰ পুত্তলিকা দাহনৰে আমছুৰ প্ৰতিবাদ - AAMSU PROTEST IN LAKHIMPUR

ABOUT THE AUTHOR

...view details