অসম

assam

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 9:52 AM IST

Updated : Jan 21, 2024, 10:26 AM IST

ETV Bharat / videos

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল LIVE

গুৱাহাটী,২১ জানুৱাৰী: অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রা অব্যাহত থকাৰ সময়তে দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন । পুৱাই দিছপুৰৰ লোক সেৱা ভৱনত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্রীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে সদৰি কৰিব বুলি দিছপুৰৰ সূত্রে জানিব পৰা গৈছে । উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্রা বৰ্তমান অসমত অব্যাহত আছে । ৰাহুল গান্ধীৰ এই যাত্রাক বিফল কৰাৰ বাবে বিজেপি দল আৰু চৰকাৰে ব্যাপক কূট-কৌশল অৱলম্বন কৰা বুলি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইফালে গুৱাহাটীত ৰাহুল গান্ধীৰ ন্যায় যাত্রাক প্ৰৱেশত বাধা দিয়াৰ উপৰি গুৱাহাটী প্ৰেছ ক্লাৱৰ অতিথি হিচাপে উপস্থিত থকাটো বাধা আৰোপ কৰা হৈছে । যাক লৈ সৰ্বত্র ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন মহলত ইয়াৰ চৰ্চা হৈছে । আজিৰ সংবাদমেলত এই বিষয়ত মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সম্ভাৱনা আছে । আনহাতে সোমবাৰে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব । এই সন্দৰ্ভতো মুখ্যমন্ত্রীয়ে সংবাদমেল যোগে ৰাজ্য চৰকাৰৰ পদক্ষেপৰ বিষয়ে সদৰি কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: নিৰাপত্তাৰ খাতিৰত ৰাহুল গান্ধীৰ যাত্রাৰ সময়ত লখিমপুৰত ড্ৰোণৰ উৰণ নিষিদ্ধ

Last Updated : Jan 21, 2024, 10:26 AM IST

ABOUT THE AUTHOR

...view details