অসম

assam

ETV Bharat / videos

চিপিআইএমলক বিহালী এৰি দিলে সমৰ্থন নকৰে স্থানীয় কংগ্ৰেছ নেতা-কৰ্মীয়ে !

By ETV Bharat Assamese Team

Published : 9 hours ago

বিশ্বানাথ: অহা ১৩ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনত বিহালী সমষ্টিত অসম সন্মিলিত মঞ্চৰ সহযোগী দল চিপিআই (এম এল)ৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিবেক দাসক টিকট দিবলৈ ওলোৱা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীৰ লগতে কংগ্ৰেছৰ ভাতৃ সংগঠন NSUI আৰু সেৱা দল বাহিনীয়ে ৷ ইটিভি ভাৰতৰ আগত তীব্ৰ  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি একাংশ কংগ্ৰেছ কৰ্মীয়ে কয় যে যদি বিহালী বিধানসভা আসনখন চিপিআই (এমএল) দলক দিয়ে তেন্তে তীব্ৰ বিৰোধিতা কৰা হ’ব ৷

লগতে চি পি আই এম দলক আসনখন এৰি নিদিবলৈ দাবী উত্থাপন কৰে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে ৷ যদিহে বিবেক দাসক টিকট প্ৰদান কৰে তেন্তে বিহালী কংগ্ৰেছে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰো হুংকাৰ প্ৰদান কৰি কেন্দ্ৰীয় নেতৃত্বক এইক্ষেত্ৰত উপযুক্ত সিদ্ধান্ত ল’বলৈ আহ্বান জনায় । যদি কংগ্ৰেছ দলে আন দলক সমষ্টি এৰি দিয়ে, তেন্তে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে 50 শতাংশ সমৰ্থন হেৰুৱাব বুলিও তেওঁলোকে উল্লেখ কৰে ৷ 

লগতে পঢ়ক: উপ-নিৰ্বাচন ২০২৪: কাক ক’ত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে ?

বিহালীক লৈ বিৰোধী ঐক্যত আউল লগাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details