অসম

assam

মহানগৰ নে মহাসাগৰ ? জলময় গুৱাহাটী - Guwahati Flash Flood

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 2:27 PM IST

ধাৰাসাৰ বৰষুণে পুনৰ ডুবালে গুৱাহাটী মহানগৰীক (ETV Bharat Assam)

গুৱাহাটী, ১ ছেপ্টেম্বৰ: পুৱাৰে পৰা ধাৰাসাৰ বৰষুণে পুনৰ ডুবালে গুৱাহাটী মহানগৰীক । এক সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে অভিজাত মহানগৰীত । কৃত্ৰিম বানত সীমাহীন দুৰ্দষাত ভুগিছে মহানগৰবাসীয়ে । শনিবাৰৰ নিশা তথা দেওবাৰে পুৱাৰে পৰা হয় মুষলধাৰ বৰষুণজাকত কৃত্ৰিম বানত বুৰ যায় মহানগৰী ।

মহানগৰীৰ চানমাৰি, নুনমাটি, বামুনীমৈদাম, উলুবাৰী, নমাইল, যোৰাবাট, জু-ৰোড, ৰাজগড়, ৰুক্মিণী গাঁও, হাতীগাঁও, বেলতলা, গণেশগুৰি, গান্ধীবস্তি, পুৱ শৰণীয়া, পাঞ্জাবাৰী, অনিল নগৰ, নবীন নগৰকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যায় । ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে । আনকি এই কৃত্ৰিম বানৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন ।

লক্ষ্যণীয় বিষয় যে মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ কৰিবলৈ নলা-নৰ্দমা নিষ্কাষণৰ বাবে অত্যাধুনিক যন্ত্ৰ চৰকাৰে ব্যৱহাৰ কৰিছে যদিও মহানগৰীৰ কৃত্ৰিম বান ৰোধত যেন ব্যৰ্থ হৈছে । গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালে মহানগৰীৰ বানপ্ৰৱণ এলেকা পৰিদৰ্শন কৰিছে যদিও কৃত্ৰিম বান ৰোধ কৰাত ব্যৰ্থ হৈছে । ইয়াৰ বিপৰীতে বিভাগীয় মন্ত্ৰীয়ে মহানগৰীৰ কৃত্ৰিম বান কি দৰে সমাধান কৰিব সেই কথা চিন্তা নকৰি মহানগৰীৰ কৃত্ৰিম বানক লৈ উপলুঙা মন্তব্য কৰি অহাহে পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: পুনৰ কৃত্ৰিম বানৰ ফলত তীব্ৰ যানজঁট গুৱাহাটী মহানগৰীত - Guwahati Artificial Flood

ঘৰৰ ভিতৰতে থাকক... : অসহায় মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে মহানগৰীৰ বাসিন্দাক - Guwahati Artificial Floods

গুৱাহাটীৰ কৃত্ৰিম বান নতুন কথা নহয় : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা - Guwahati Flash Flood

ABOUT THE AUTHOR

...view details