অসম

assam

ভগা মথাউৰিৰ দায়িত্ব কোনে ল’ব ? পীযুষ হাজৰীকাক জলসম্পদ দপ্তৰৰ পৰা অপসাৰণৰ দাবী - Protest in Guwahati

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 6:04 PM IST

Protest in Guwahati (ETV Bharat Assam)

গুৱাহাটী, ২ জুলাই: অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ জলপানী নিয়মীয়াকৰণ, বেকলগ পদ পূৰণ আদিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ উদ্যোগত চচলত প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে পদোন্নতিত জ্যেষ্ঠতাৰ ধাৰাবাহিকতা বাহাল ৰখা, মিছন ভূমিপুত্ৰ বন্ধ কৰা, নদ-নদী, বিল-খাল, জলাশয়, মীন পাম আদি এশ শতাংশ অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা, অনুসূচিত জাতিৰ জাতিগত পিয়লৰ  ব্যৱস্থা কৰা, অসম ৰাজ্যিক অনুসূচিত জাতি আয়োগ গঠন কৰা আদি কেবাটাও দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: চকুৰ সন্মুখতে উটি গ’ল সমস্ত: কন্দাৰ বাহিৰে উপায় নাই বানাক্ৰান্তৰ - Assam Flood 2024

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ সভাপতি ৰুবুল দাসে কয় যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিজেপি চৰকাৰে অনুসূচীত জাতিৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান নকৰি কেৱল প্ৰতাৰণা কৰি আহিছে । অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ  জলপানী এই চৰকাৰৰ দিনত নিয়মীয়া নোহোৱাত আক্ষেপ প্ৰকাশ কৰে তেওঁ । 

লগতে পঢ়ক: লাওখোৱাত বানৰ ভয়ংকৰ ৰূপ, ছিগিল কৃষিবান্ধ - ASSAM FLOOD 2024

সভাপতিগৰাকীয়ে লগতে কয় যে, অসমৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীগৰাকীয়ে অসমৰ সমূহ মথাউৰি নিৰ্মাণ কৰা হ’ল বুলি কোৱাৰ পিচতো অসমৰ ভিন্ন প্ৰান্তত এতিয়া ৰাইজে প্ৰলয়ংকাৰী বানত হাহাকাৰ কৰিব লগা অৱস্থা হৈছে । বিভিন্ন প্ৰান্তত মথাউৰি ভাগিছে ৷ এই ভগা মথাউৰিৰ দায়িত্ব কোনে ল’ব ? সেয়ে শীঘ্ৰে চৰকাৰে বানপীড়িত অঞ্চলসমূহৰ লোকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰাৰ লগতে  জলসম্পদ মন্ত্ৰীৰ দায়িত্বৰ পৰা পীযুষ হাজৰীকাক আঁতৰাব লাগে ৷

লগতে পঢ়ক: বানৰ কবলত গাঁও-নগৰ : জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি - Assam Flood 2024

ABOUT THE AUTHOR

...view details