অসম

assam

বিধায়কৰ বিৰুদ্ধে ক্ষোভ : গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে ক্ষুব্ধ ৰাইজে - Dilapidated Road In Moran

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 9:49 PM IST

ৰাইজে মেৰামতি কৰিলে পথ (ETV Bharat Assam)

মৰাণ, ২৯ জুলাই: গ্ৰাম্য উন্নয়নত সম্পূৰ্ণ ব্যৰ্থ হৈছে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ । দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিচতো সমষ্টিৰ বাট-পথ উন্নয়নত অলপো গুৰুত্ব আৰোপ নকৰিলে বিধায়কগৰাকীয়ে । ফলত ৰাইজৰ ক্ষোভ দিনকদিনে বৃদ্ধি পাইছে । ৰাইজৰ সমস্যাক গুৰুত্ব আৰোপ নকৰা বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ মৰাণৰ বেজ দুলিয়া গাঁৱত পথ নিৰ্মাণৰ বাবে ওলাই আহিল ৰাইজ ।  

ঐতিহাসিক বৰফুকন আলি সংযোগী বেজ দুলিয়া গাঁৱৰ মূল পথটোৰ বিধ্বস্ত অৱস্থাই ৰাইজক জীয়াতু ভোগাই আহিছে । বাৰিষা হ'লে এজাক বৰষুণত একাঁঠু বোকা হয় পথটোত । ৰাইজৰ অভিযোগ অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যোৱাৰ লগতে চিকিৎসালয়লৈ ৰোগী কঢ়িয়াই নিয়াৰ বাবে সমস্যাৰ সন্মুখীন হৈ অহাৰ পাচতো পথটো নিৰ্মাণত অলপো গুৰুত্ব নাই জনপ্ৰতিনিধিৰ হিচাপে বিধায়ক চক্ৰধৰ গগৈৰ ।  

শেহতীয়াকৈ বিধায়ক গৰাকীয়ে লোকসভা নিৰ্বাচনত অঞ্চলটোৰ পৰা বিজেপি প্ৰাৰ্থীয়ে ভোট কম পোৱাত পথ নিৰ্মাণ কৰিব নোৱাৰিব বুলি ৰাইজক স্পষ্ট কৰি দিয়াত ক্ষুব্ধ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি এই দৰে পথ নিৰ্মাণ কৰিবলৈ ওলাই আহিছে । 

লগতে পঢ়ক:জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ : গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে ক্ষুব্ধ ৰাইজে - Dilapidated Road In Kalgachia

নিৰ্বিকাৰ চৰকাৰ : সুচল পথৰ আশা বাদ দি গুৰুত্বপূৰ্ণ পথত ৰুলে কঠীয়া - Poor Road in Tihu

ABOUT THE AUTHOR

...view details