অসম

assam

ETV Bharat / videos

বিনামূলীয়া চাউলৰ নামত হিতাধিকাৰীৰ মাজত বিলাইছে প্লাষ্টিকৰ চাউল - Plastic Rice Controversy

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 8:29 AM IST

হাফলং, ২৩ জুন: দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হিতাধিকাৰীক চৰকাৰে বিনামূলীয়াকৈ বিতৰণ কৰিছে চাউল । পিছে এই চাউল কিমান স্বাস্থ্যৰ বাবে নিৰাপদ তাকে লৈ ৰাইজৰ মাজত দেখা দিছে বহু প্ৰশ্ন । সূলভ মূল্যৰ দোকানত যি চাউল বিপিএল পৰিয়ালৰ মাজতে বিতৰণ কৰা হয় সেই চাউলৰ লগত প্লাষ্টিকৰ চাউল মিহলি দিয়াৰ অভিযোগ একাংশ হিতাধিকাৰীৰ ।

এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক ভিডিঅ' । ডিমা হাছাও জিলাত বিপিএল পৰিয়ালক সূলভ মূল্যৰ দোকানৰ পৰা যি চাউল বিতৰণ কৰা হয় সেয়া চাউল প্লাষ্টিকৰ বুলি অভিযোগ উত্থাপিত হৈছে ।  

হাফলং আৰক্ষী থানাৰ অন্তৰ্গত বেথেল গাঁৱৰ গাঁওবাসীয়ে অভিযোগ কৰা অনুসৰি তেওঁলোকক সূলভ মূল্যৰ দোকানৰ পৰা যি চাউল দিয়া হৈছে সেই চাউলৰ লগত প্লাষ্টিকৰ চাউল মিহলি কৰি দিয়া হৈছে বুলি অভিযোগ কৰে গাঁৱৰ লোকসকলে । কেৱল বেথেল গাঁৱতেই নহয় জিলাখনৰ আন কেইবাখনো গাঁৱৰ লোকেও বিনামূলীয়া চাউলৰ লগত প্লাষ্টিকৰ চাউল মিলাই দিয়া বুলি অভিযোগ উত্থাপন কৰে ।

এনে ধৰণৰ চাউল খালে মানুহৰ শৰীৰত বিৰূপ প্ৰতিক্ৰিয়া হোৱাৰ উপৰিও মানুহৰ স্বাস্থ্যৰ বাবে এই চাউল মাৰাত্মক ক্ষতিকাৰক হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Plastic Rice Controversy: সমবায় সমিতিৰ দোকানত হিতাধিকাৰীক প্লাষ্টিকৰ চাউল বিতৰণ

ABOUT THE AUTHOR

...view details