অসম

assam

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 8:38 AM IST

ETV Bharat / videos

ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দুৰ্নীতিক লৈ উত্তাল বালিকুৰি আঞ্চলিক হাইস্কুল

জনীয়া, ১৩ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ অন্তৰ্গত বালিকুৰি আঞ্চলিক হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লাল মাহমুদৰ বিৰুদ্ধে উত্থাপিত হৈছে পৰ্বতসম দুৰ্নীতিৰ অভিযোগ । এই অভিযোগৰ ভিত্তিত সোমবাৰে উক্ত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লাল মাহমুদৰ বিৰুদ্ধে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে একাংশ অভিভাৱকে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ-ছাত্ৰী সকলক বিগত পাঁচ মাহ ধৰি মধ্যাহ্ন ভোজন নিদিয়া, দুবছৰ ধৰি ঐক্য পোছাক যোগান নধৰা, মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰা, আন্তঃগাঁথনিৰ ধন, ক্ৰীড়া অনুদান, ইকো ক্লাবৰ ধনৰ অধিকাংশ আত্মসাৎ কৰাকে আদি কৰি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে ।  

উল্লেখযোগ্য যে এই দুৰ্নীতি সন্দৰ্ভত যোৱা ৮ ফেব্ৰুৱাৰীত বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে অসম বিধানসভাত উত্থাপন কৰাৰ পিছত কালি মিছন সঞ্চালকে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ কথা আছিল যদিও ইয়াৰ পূৰ্বেই ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয় চৌহদ উত্তাল কৰি তোলে । ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকজনক গ্ৰেপ্তাৰ কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক ৰাইজে ।

লগতে পঢ়ক:উৎকোচ লোৱাৰ অভিযোগ: ক’ত পলাল বন বিষয়া মৃণালকান্তি নাথ ?

ABOUT THE AUTHOR

...view details