অসম

assam

ETV Bharat / videos

আমাক এছ টি লাগিবই: মুছলপুৰত আছাৰ হুংকাৰ - AASAA protest at Musalpur - AASAA PROTEST AT MUSALPUR

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 6:54 PM IST

বাক্সা, ২ ছেপ্টেম্বৰ : সোমবাৰে কেইবাটাও দাবীৰে বাক্সাৰ মুছলপুৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । জনগোষ্ঠীটোক এছ টি, ভূমিপট্টা, জনজাতীয় প্ৰমান-পত্ৰ প্ৰদান, শ্ৰমিকৰ মজুৰি বৃদ্ধিকে আদি কৰি বিভিন্ন দাবীৰে ৰাজপথলৈ ওলাই আহে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা ।

বাক্সা জিলা সদৰ মুছলপুৰ দুৰ্গামন্দিৰ প্ৰাংগণত বাক্সা জিলা আছাই গ্ৰহণ কৰে এই ধৰ্ণা কাৰ্যসূচী । অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, আমাক এছ টি লাগিবই আদি দাবীৰে প্ৰতিবাদস্থলীত বিভিন্ন শ্লোগান দিয়ে সংগঠনটোৰ কৰ্মীসকলে ।

প্ৰতিবাদত অংশগ্ৰহণ কৰি আছাৰ নেতৃত্বই কয়, "অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে আদিবাসী লোকসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু আজি চাৰিবছৰ উকলি যোৱাৰ পাছতো আদিবাসী লোকসকলৰ দাবী পূৰণত ব্যৰ্থ হৈছে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । আদিবাসী লোকসকলে হাতত ধনু ল'লে ৰক্ষা নাই ।"

উল্লেখ্য, কাৰ্যসূচীৰ অন্তত মুছলপুৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে আছাৰ নেতৃবৰ্গই ৷

লগতে পঢ়ক :স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ ব্যাপক প্ৰতিবাদ - AASU protest against smart meter
লগতে পঢ়ক :আৰক্ষীৰ বাধা নেওচি ওলাই আহিল হাজাৰ হাজাৰ চাহ-আদিবাসী, চৰকাৰক নিৰ্বাচনত প্ৰত্য়ুত্তৰ দিবলৈ সাজু - Tea tribe union protest

ABOUT THE AUTHOR

...view details